মঙলদৈ চহৰৰ নিকটৱৰ্তী মোৱামাৰী চাপৰিত শোকাৱহ ঘটনাঃ দ খাৱৈত পৰি সলিল সমাধি দুই ভগ্নীৰ

মঙলদৈ চহৰৰ নিকটৱৰ্তী মোৱামাৰী চাপৰিত শনিবাৰে এক শোকাৱহ ঘটনা সংঘটিত হয়। দ খাৱৈত পৰি সলিল সমাধি ঘটিল দুই সম্পৰ্কীয় ভগ্নীৰ। কিশোৰী দুগৰাকীৰ হ’ল মোৱামাৰীৰ কৈলাশ চৌহানৰ নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা শান্তি চৌহান আৰু একেগাওৰে ভৰত চৌহানৰ ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰি থকা তাৰা চৌহান। দুই কিশোৰী সম্পৰ্কত বাই ভনী আছিল।

শান্তি চৌহান মঙলদৈ টাউন হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী হোৱাৰ বিপৰীতে তাৰা চৌহান মোৱামাৰী হাইস্কুলৰ ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰি আছিল। ছাত্ৰী দুগৰাকী তীব্ৰ গৰমত দ খাৱৈত গা ধুব গৈ এই দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত তৎকালীনভাৱে দুয়োকে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।


দুয়োগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসমৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
উল্লেখযোগ্য যে উক্ত অঞ্চলত মথাউৰি নিৰ্মাণ কৰাৰ পৰিপ্ৰেক্ষিতত ঠায়ে ঠায়ে দ খাৱৈৰ সৃষ্টি কৰিছিল ঠিকাদাৰে। সেই খাৱৈত উৎকত গৰমত গা ধুবলৈ গৈছিল কিশোৰী দুগৰাকী আৰু তাতেই ঘটিল এই শোকাৱহ ঘটনাটো।

Related Articles