কৃষি কৰ্মত দেশ এখন শক্তিশালী নহলে সেই দেশখনক আৰ্থিক ভাৱে শক্তিশালী বুলি গণ্য কৰিব নোৱাৰি । আনহাতে বিগত বৰ্ষত ক’ভিড মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি আৰম্ভ হোৱা লকডাউনৰ সময়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক বিশেষকৈ ডেকাচামক আৰ্থিক ভাৱে স্বাৱলম্বী হবলৈ “ভকেল ফৰ লোকেল “শীৰ্ষক এটা আহ্বান জনায় নিজৰ সাধ্যানুসৰি সকলোকে কৃষি কৰ্মৰ উপৰিও পশুপালন, মীনপালন আদিত মনোনিবেশ কৰিবলৈ আহ্বান জনাইছিল । সেই আহ্বানৰ প্ৰতি সঁহাৰি জনায় দেশৰ আন ৰাজ্যৰ লগতে অসমতো বহুতে কৃষিৰ লগতে মীনপালন , পশুপালন আদিত জড়িত হৈ আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে । আনহাতে ৰাজ্যৰ ভিতৰত কমলা খেতিৰ বাবে বিখ্যাত গুৱাহাটীৰ পৰা কিছু নিলগৰ তথা পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ অসম – মেঘালয় সীমান্তৰ উমছুৰকে ধৰি কাষৰীয়া অঞ্চলত শিক্ষিত যুৱক সকলে পাৱাৰ টিলাৰ লৈ পথাৰত নামি পৰা দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । এই সন্দৰ্ভত অঞ্চলটোৰ শিক্ষিত যুৱক আৰু এইবেলি ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ পৰা মাষ্টাৰ অৱ চছিয়েল ৱর্ক ( এম এছ ডব্লিউ ) বিষয়ত চূড়ান্ত ছেমিষ্টাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ধ্ৰুৱজ্যোতি দলৈয়ে জানিবলৈ দিয়া মতে বৃহত্তৰ অঞ্চলটোত বাস কৰা প্ৰায় ৪০০ টা পৰিয়ালৰ বেছিভাগেই কৃষিজীৱী । তেওঁলোকে পৰম্পৰাগতভাবে কমলা , জালুক , তামোল , কল আদিৰ লগতে ধান বিশেষকৈ শালি ধানৰ খেতি কৰি আহিছে । কিন্তু এতিয়াৰ যুৱ প্ৰজন্মৰ বহুতেই পূৰ্বৰ পৰম্পৰাগত গৰুৰ সলনি কম সময়ত অধিক মাটি চহাব পৰা পাৱাৰ টিলাৰ বা যান্ত্ৰিক পদ্ধতিৰে কৰা কৃষি কৰ্মত মনোনিবেশ কৰিছে । এই ক্ষেত্ৰত কাঁহিৰাম ৰাভা , ধনজিৎ ৰাভা , সীমান্ত মাৰাক , তুলিন্দ্ৰ জামু , শংকৰ ৰাভাকে ধৰি স্নাতক ডিগ্ৰী উত্তীৰ্ণ কেবাজনো শিক্ষিত যুৱকে সম্প্রতি শালি ধানৰ খেতি আৰম্ভ কৰিছে । ধ্ৰুৱজ্যোতি দলৈয়ে সদৰি কৰা অনুসৰি চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় নোলোৱাকৈ তেওঁলোকে কৃষি কৰ্ম কৰি আহিছে । আনকি নিজেও ১৫০ টা কমলা , ২০০ টাকৈ জালুক , তামোল আৰু মালভোগ কলৰ পুলি ৰোপণ কৰিছে । আনকি অসম চৰকাৰৰ অৱহেলাৰ বিপৰীতে সীমামুৰীয়া হোৱা বাবে মেঘালয় চৰকাৰেহে মাজে সময়ে কৃষি কৰ্মত বা আন ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াই আহিছে । মেঘালয়ৰ কৃষি বিভাগৰ বিষয়া – কৰ্মচাৰী তেওঁলোকৰ খেতি পথাৰত আহি খবৰ লোৱাৰ বিপৰীতে অসম চৰকাৰৰ কৃষি বিভাগৰ কোনো বিষয়া – কৰ্মচাৰীক আজিলৈ গাঁৱৰ মানুহে দেখা পোৱা নাই বুলি ধ্ৰুৱজ্যোতি দলৈয়ে আক্ষেপ প্ৰকাশ কৰিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…