গৌৰীৰে নতুন জীৱন আৰম্ভ কৰিলে ‘মিষ্টাৰ পাৰ্ফেকষ্টনিষ্টে’

বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানে নিজৰ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিছে৷ ৬১ বছৰ বয়সত তেওঁ তেওঁৰ দীৰ্ঘদিনীয়া বান্ধৱী গৌৰী স্প্ৰাটৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ মুম্বাইৰ বান্দ্ৰাত অৱস্থিত তেওঁৰ বাসগৃহত অতি ব্যক্তিগতভাৱে এই বিবাহ পঞ্জীয়ন সম্পন্ন কৰা হয়৷ এই বিশেষ অনুষ্ঠানত কেৱল পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীসকলহে উপস্থিত আছিল৷ জানিব পৰা মতে, আমিৰ আৰু গৌৰীয়ে প্ৰায় ২৫ বছৰ ধৰি ইজনে সিজনক চিনি পাইছিল যদিও প্ৰায় দুবছৰ পূৰ্বে তেওঁলোকৰ বন্ধুত্ব প্ৰেমলৈ পৰিণত হয়৷

চলিত বৰ্ষতে তেওঁলোকে নিজৰ সম্পৰ্ক ৰাজহুৱাকৈ স্বীকাৰ কৰিছিল৷ দেওবাৰে দুপৰীয়াৰ সময়ত দুয়ো বিবাহৰ নথিত স্বাক্ষৰ কৰে৷ অনুষ্ঠানত প্ৰায় ১৫০গৰাকী অতিথি উপস্থিত আছিল, য’ত পৰিয়ালৰ সদস্য, ঘনিষ্ঠ বন্ধু আৰু বিদেশৰ পৰা অহা আত্মীয়সকল অন্তৰ্ভুক্ত আছিল৷ উপস্থিত লোকসকলৰ মতে, এই মুহূৰ্তটো দুয়োৰ বাবে অতি আৱেগিক আৰু স্মৰণীয় আছিল৷ আমিৰ খানৰ সন্তানসকল– জুনেইদ খান, ইৰা খান আৰু আজাদ– এই অনুষ্ঠানত উপস্থিত আছিল৷ ইয়াৰ লগতে গৌৰী স্প্ৰেটৰ পুত্ৰয়ো অংশগ্ৰহণ কৰে৷ পৰিয়ালৰ সকলো সদস্যই নৱদম্পতীক শুভেচ্ছা জ্ঞাপন কৰে আৰু অনুষ্ঠানটো সৰলতা আৰু পাৰিবাৰিক পৰিৱেশত সম্পন্ন হয়৷ উল্লেখযোগ্য যে, এইখন আমিৰ খানৰ তৃতীয় বিবাহ৷

ইয়াৰ পূৰ্বে তেওঁ ৰীণা দত্তৰ সৈতে বিবাহ কৰিছিল, যাৰ পৰা তেওঁৰ দুটা সন্তান আছে৷ পিছলৈ তেওঁ চলচ্ছিত্ৰ নিৰ্মাতা কিৰণ ৰাওক বিবাহ কৰে আৰু তেওঁলোকৰ আজাদ নামৰ এজন পুত্ৰ আছে৷ ২০২১ চনত তেওঁলোকে পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল যদিও এতিয়াও দুয়ো মিলি নিজৰ পুত্ৰৰ দায়িত্ব পালন কৰি আহিছে৷ উল্লেখযোগ্যভাৱে, এই বিবাহ অনুষ্ঠানত আমিৰৰ পূৰ্বৰ দুই পত্নীও উপস্থিত আছিল৷

Related Articles