ৰাষ্ট্ৰ সেৱিকা সমিতিৰ সৌজন্যত নগাঁও চহৰত কোভিড ভেকচিন প্ৰদান

ৰাষ্ট্ৰ সেৱিকা সমিতিৰ সৌজন্যত আৰু বন্দনীয় লক্ষ্মীবাই কেলকৰ স্মাৰক সমিতিৰ উদ্যোগত তথা নগাঁও জিলা প্ৰশাসনৰ সহযোগত কালিৰে পৰা নগাঁও চহৰৰ নতুন বজাৰ অঞ্চলত পাঁচদিনীয়া কাৰ্য্যসূচীৰে কোভিড ভেকচিন প্ৰদানৰ এক শিবিৰ অনুষ্ঠিত হয় । ৰাষ্ট্ৰ সেৱিকা সমিতি নগাঁও নগৰ কার্যবাহিকা বিজুমণি বৰা লিগিৰাই জানিবলৈ দিয়া মতে ৰাষ্ট্ৰ সেবিকা সমিতিৰ সৌজন্যত কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰি নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত স্থাপন কৰা কোভিড সেৱা কেন্দ্ৰত থকা ৰোগীসকলক ফলাহাৰ আৰু অন্যান্য খাদ্য সামগ্রী বিতৰণ কৰা হয়। আনহাতে নগাঁও প’লিটেকনিকত স্হাপন কৰা কোভিড সেৱা কেন্দ্ৰত থকা ৰোগী সকলক ৰাষ্ট্ৰ সেৱিকা সমিতিয়ে  বাল্টি,চাবোন আৰু অন্যান্য সামগ্রী বিতৰণ কৰাৰ লগতে ৰোগী সকলৰ স্বাস্থ্যৰ বুজ লয় । “সেৱাই  জীৱনৰ সাধনা” এই উদ্দেশ্যক আগত লৈ ৰাষ্ট্ৰ সেৱিকা সমিতিয়ে অসম তথা ভাৰতৰ চুকে-কোণে এনেদৰে সেৱা অব্যাহত ৰখা বুলি  ৰাষ্ট্ৰ সেবিকা সমিতিৰ নগাঁও নগৰ কাৰ্যবাহিকা গৰাকীয়ে জানিবলৈ দিয়ে ।

Related Articles