ৰাজ্যৰ প্ৰতিখন জিলালৈ স্বাস্থ্য মন্ত্ৰীৰ সতৰ্ক হোৱাৰ নিৰ্দেশ

অসমৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে সোমবাৰে বিয়লি চ্ছ্ৰ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাজ্যখনৰ সকলো জিলাৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত কৰে৷ সভাত বৰ্তমানৰ জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ শেহতীয়া পৰিস্থিতি, প্ৰতিৰোধমূলক আৰু চিকিৎসামূলক ব্যৱস্থা, যক্ষ্মা মুক্ত ভাৰত অভিযানৰ অগ্ৰগতি সন্দৰ্ভত বিশদভাৱে পৰ্যালোচনা কৰে৷

এই ভিডিঅ’ কনফাৰেন্সত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট সকলো সংস্থাক অধিক সমন্বয়ৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয় যে জনসাধাৰণলৈ উন্নত, সময়োপযোগী আৰু ফলপ্ৰসূ স্বাস্থ্যসেৱা আগবঢ়োৱাৰ বাবে সকলো বিভাগে একেলগে কাম কৰিব লাগিব৷ একে সময়তে চৰকাৰৰ স্বাস্থ্য সম্পৰ্কীয় আঁচনিসমূহ সঠিক সময়ত আৰু সুচাৰুৰূপে ৰূপায়ণ নিশ্চিত কৰিবলৈও তেওঁ সংশ্লিষ্ট বিষয়াসকলক আহ৩ান জনায়৷ জাপানীজ এনকেফেলাইটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে আগতীয়াকৈ ৰোগ চিনাক্তকৰণ, জ্বৰত আক্ৰান্ত ৰোগীৰ পৰ্যবেক্ষণ, জনসাধাৰণৰ মাজত আঁঠুৱাৰ ব্যৱহাৰ বৃদ্ধি, বেচৰকাৰী চিকিৎসালয়সমূহৰ সৈতে তথ্য আৰু চিকিৎসা সমন্বয় শক্তিশালী কৰা, ম’হ নিয়ন্ত্ৰণৰ বাবে ধোঁৱা দিয়াৰ ব্যৱস্থা নিয়মীয়াকৈ চলাই নিয়া আৰু জনসচেতনতা বৃদ্ধি কৰাৰ দৰে বিষয়সমূহত বিশেষ গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে৷ ইয়াৰ লগতে যক্ষ্মা নিৰ্মূল অভিযান অধিক ত্বৰান্বিত কৰাৰ ওপৰতো জোৰ দিয়ে৷

বিশেষকৈ কম ফলাফল দেখুওৱা জিলাসমূহক অধিক সক্ৰিয়ভাৱে কাম কৰি ৰোগী চিনাক্তকৰণ, চিকিৎসা আৰু চৰকাৰী সুবিধাসমূহৰ লাভ নিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হয়৷ সভাত নিক্ষয় পোষণ যোজনাৰ অধীনত যক্ষ্মা ৰোগীসকললৈ পুষ্টিগত সহায় সঠিক সময়ত প্ৰদান কৰাৰ বিষয়েও বিশদ আলোচনা কৰা হয়৷ উল্লেখ্য যে,এই সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যক্ষ আৰু বিশেষজ্ঞ চিকিৎসকসকলৰ পৰা বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰা হয় যাতে স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক শক্তিশালী কৰি তোলা যায়৷ আজিৰ এই সভাত সকলো জিলা আয়ুক্ত, স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য সচিব, স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, চিকিৎসা মহাবিদ্যালয়সমূহৰ অধক্ষ্য আৰু অন্যান্য সংলিষ্ট বিষয়াসকলে অংশগ্ৰহণ কৰে৷

ইয়াৰ উপৰিও সভাত স্বাস্থ্য বিভাগৰ আয়ুক্ত-সচিব ডাঃ পি. অশোক বাবু, অতিৰিক্ত সচিব মুনীন্দ্ৰ নাথ ঙাটে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মনন এছ, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, এনএইচএম অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ অভিজিৎ শৰ্মা আৰু স্বাস্থ্য বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷সভাৰ অন্তত স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে সকলো জিলাক জাপানীজ এনকেফেলাইটিছ নিয়ন্ত্ৰণ, যক্ষ্মা নিৰ্মূল অভিযান, মাতৃ-শিশু স্বাস্থ্যসেৱাৰ উন্নয়ন আৰু চৰকাৰৰ স্বাস্থ্য আঁচনিসমূহ সময়মতে আৰু ফলপ্ৰসূভাৱে ৰূপায়ণ নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে৷

Related Articles