এই মাহৰ পৰা ৰেশ্যন ভাট্টা বৃদ্ধি অসম বন সুৰক্ষা কৰ্মীৰ

এই মাহৰ পৰা অসম বন সুৰক্ষা কৰ্মীৰ ৰেশ্যন ভাট্টা বৃদ্ধি – অসম বন সুৰক্ষা কৰ্মীসকলৰ ৰেশ্যন ভাট্টা বৃদ্ধি সন্দৰ্ভত আজি এখন গুৰুত্বপূৰ্ণ জাননী জাৰি কৰে ৰাজ্য চৰকাৰে।

জাননী অনুসৰি বন সুৰক্ষা কৰ্মীসকলৰ ৰেশ্যন ভাট্টা ২০০০ লৈ বৃদ্ধি হ’ল। পূৰ্বে এই পৰিমান আছিল ১২০০ টকা।

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা টুইটৰ জৰিয়তে এই কথা জনায়।

তেওঁ টুইটত কয়, ‘পশুৰ সুৰক্ষা নিশ্চিত কৰাত বনৰক্ষীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাজিৰঙাত বানপানীৰ প্ৰস্তুতি পৰ্যালোচনাৰ সময়ত, তেওঁলোকৰ ৰেশ্যন ভাট্টা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। এই কথা জনাব পাই সুখী যে ৰেচন ভাট্টা প্ৰতি মাহে ১২০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰা হৈছে, আৰক্ষী কৰ্মীৰ সমান’।

উল্লেখ্য যে এই নতুন ৰেশ্যন ভাট্টা জুন মাহৰ পৰা প্ৰযোজ্য হ’ব।

Related Articles