সংগীত সত্ৰ, গুৱাহাটীৰ উদ্যোগত অষ্টাদশ ৰসেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা ২০২৬ প্ৰদান। অনুষ্ঠানটি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়৷ ইয়াৰে লগতে দুদিনীয়াকৈ অনুষ্ঠিত সংগীত সত্ৰৰ ৫৮সংখ্যক বাৰ্ষিক নৃত্য আৰু গীতৰ উৎসৱ৷
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই ২০২৬বৰ্ষৰ ৰসেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা বৰগীতৰ বিশিষ্ট শিল্পী খনা দাস আৰু বিশিষ্ট তবলা বাদক তথা সমাজকৰ্মী লিখন শৰ্মাক প্ৰদান কৰে৷
অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অৰূপজ্যোতি চৌধুৰী, সংস্কাৰ ভাৰতীৰ দিল্লী কাৰ্য্যালয়ৰ সচিব আৰু উত্তৰ- পূব প্ৰান্তৰ ক্ষেত্ৰ প্ৰমুখ অশোক তিৱাৰী, অসমৰ চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস, বিশিষ্ট অভিনেতা তথা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপ-সভাপতি প্ৰাঞ্জল শইকীয়া উপস্থিত থাকে৷
অনুষ্ঠানৰ আৰম্ভণিতে মুখ্য অতিথি ৰমেন ডেকা আৰু বিশিষ্ট অতিথি সকলে বন্তি প্ৰজ্বলন কৰে৷ অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা সংগীত সত্ৰৰ সভাপতি স্বপ্ননীল বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে৷ প্ৰথম সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰা হয় অৰুণাভজ্যোতি মালাকাৰৰ পৰিচালনাত খোলবাদন পৰিৱেশনেৰে৷ অনুষ্ঠানটিত কৰ্ণাটকী সংগীতৰ বিশিষ্ট শিল্পী ড° দীপ্তি ওমচেৰী ভাল্লাই মোহিনীঅট্টম নৃত্য পৰিৱেশন কৰে৷ সংগীত সত্ৰৰ জেষ্ঠ শিল্পীসকলে
সংগীত নাটক অকাডেমী বঁটা প্ৰাপক গুৰু ৰঞ্জুমনি শইকীয়া আৰু সত্ৰীয়া নৃত্যৰ টপ গ্ৰেডৰ শিল্পী ৰিঞ্জুমনি শইকীয়াৰ নৃত্য পৰিচালনাত পৰিবেশন কৰে গুৰু বন্দনা৷
সংগীত নাটক একাডেমীৰ বিছমিল্লা খাঁ যুৱ বঁটা বিজয়ী যোৰহাটৰ অঞ্জলী বৰবৰা আৰু তেখেতৰ ছাত্ৰী সকলে সত্ৰীয়া নৃত্য পৰিবেশন কৰে৷ আনহাতে সংগীত সত্ৰৰ ছাত্ৰী সকলে ক্ৰমে পুতনা বধ, বকাসুৰ বধ আৰু কালীয় দমন পৰিৱেশন কৰে৷ ইয়াৰ পাছতে নাদুভঙ্গী নৃত্য আৰু শেষত ভোৰতাল নৃত্যৰে সন্ধিয়াটিৰ সামৰণি পৰে৷ অনুষ্ঠানত সংগীত সত্ৰৰ ছাত্ৰ -ছাত্ৰী সকলে পৰিৱেশন কৰা নৃত্যৰ পৰিচালনা আছিল ৰঞ্জুমনি শইকীয়া, ৰিঞ্জুমনি শইকীয়া আৰু ধ্ৰুৱ জ্যোতি পাঠকৰ। দৰ্শক ৰাইজৰ উপস্থিতি আৰু সহযোগিতাৰে বঁটা প্ৰদান আৰু বাৰ্ষিক নৃত্য-গীতৰ প্ৰথম দিনাৰ অনুষ্ঠানটিৰ সফল সামৰণি পৰে৷
আজি সন্ধিয়া ৫:৩০বজাৰ পৰা আৰম্ভ হ’বলগীয়া সংগীত সত্ৰৰ বাৰ্ষিক নৃত্য -গীতৰ উৎসৱৰ দ্বিতীয় সন্ধিয়াৰ বিশেষ অনুষ্ঠান তন্ময়ী বৰদলৈৰ সোঁৱৰণত আগবঢ়োৱা ”সঙ্গীত ভাস্বৰ বঁটা” এই বৰ্ষত সত্ৰীয়া নৃত্যৰ বিশিষ্ট শিল্পী তেজপুৰৰ ৰুবী বৰা বৰদলৈক প্ৰদান কৰা হ’ব বুলি সংগীত সত্ৰৰ তৰফৰ পৰা জানিবলৈ দিছে৷

