ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে। যোৱা কালি ধুবুৰীত ড্ৰাগছ সহ পাঁচ গৰাকী লোকক গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, সৰ্বনাসী ড্ৰাগছৰ বেহাত নামি পৰিছে ধুবুৰীৰ একাংশ নৱ প্ৰজন্মই। একাংশ যুৱকে উপাৰ্জনৰ পথ হিচাপে বাছি লৈছে এতিয়া ড্ৰাগছৰ বেহা। আৰক্ষীয়ে এক গোপন তথ্য লাভ কৰি পাঁচজন যুৱক গ্ৰেতাৰ কৰিবলৈ সক্ষম হয়। আটকাধিন ক্ৰমে- এ,এম,কো ৰোডৰ পংকি ৰহমান, ফলিমাৰীৰ আতোৱাৰ।ৰহমান, চফীকুল ইছলাম, আই,জি ৰোডৰ ৰাজা আহমেদ আৰু নুৰ জামান ৰহমান । আৰক্ষীয়ে অভিযান চলাই চাৰি চকীয়া বাহন আৰু এখন বাইক জব্দ কৰে লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় টেবলেট, ব্ৰাউন চুগাৰ আৰু নগদ ৮ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জব্দ কৰা চাৰি চকীয়া বাহন খনৰ নম্বৰ AS 01AU2451 আৰু বাইকৰ নম্বৰ AS17 K5181 বৰ্তমানে ধুবুৰী সদৰ থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। লগতে তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাকৈ এখন এজাহাৰ দাখিল কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰহাত ভাৰতীয় জনতা পাৰ্টিৰ পুৰণি নেতা কৰ্মীৰ কাৰ্যকৰ্তা সন্মিলন ! পুৰণি বিজেপি নেতা কৰ্মী উপেক্ষিত হৈ থকাৰ অভিযোগ…
- ৰৌতাত মুছলিম ছাত্র সন্থা (মুছা) ৰ কৰ্মশালা সম্পন্ন ! বি টি আৰত মুছলিমক ভূমি অধিকাৰ প্ৰধান কৰকঃ আশ্বিক ৰাব্বানী…
- মাজবাটৰ চিকাৰীডাঙাত ৩৭৪ কাৰ্টুন অবৈধ সুৰা জব্দ…
- বিপদত আল্লু! দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে আইনী ব্যৱস্থা…
- মাৰ্ঘেৰিটাৰ বৰগোলাইত তামাং বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ বিশাল ধৰ্মীয় শোভাযাত্ৰা…
- শিক্ষকৰ বেত্ৰাঘাতত আহত সপ্তম শ্ৰেণীৰ ছাত্ৰী…
- বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ৭জন আঘাতপ্ৰাপ্ত…
- দেৰগাঁৱত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন…
- ৩০ বছৰ বয়সৰ পূৰ্বেই মাতৃ হৈ পৰিছে বহু শীৰ্ষ অভিনেত্ৰী, ৩০ বছৰৰ পূৰ্বে মাতৃ হোৱাৰ সুফল জানক…
- মহানগৰ আৰক্ষীৰ জালত ২টা চাইবাৰ অপৰাধী ! ইণ্টাৰনেটৰ সহায়ত প্ৰৱঞ্চনাৰ জাল মেলি লুটিছিল ২ কোটি টকা…