কয়াকুছি মহাবিদ্যালয়ত “চৰ-চাপৰি অসমীয়া মুছলমান সমাজৰ সচেতন নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য’- বিষয় শীৰ্ষক আলোচনা চক্ৰ আৰু সজাগতা সভা সফলতাৰে সম্পন্ন। মানুহ মানুহৰ বাবে আৰু সমন্বয়-সম্প্রীতি আৰু প্ৰগতিৰ বাটেৰে এখোজ..ভাৱনাৰে আগন্তুক ‘লোকপিয়লত মাতৃভাষা অসমীয়া লিখাৰ ক্ষেত্ৰত চৰ-চাপৰি সচেতন নাগৰিকৰ কৰণীয় কি?’
‘অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি সুৰক্ষাৰ ক্ষেত্ৰত চৰ-চাপৰি অসমীয়া মুছলমান সমাজৰ ভূমিকা’ আৰু ‘অসমীয়া ভাষা আৰু ইয়াৰ লগত সংগতি ৰাখি চৰ-চাপৰি অসমীয়া মুছলমান সমাজৰ সচেতন নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য’ শীৰ্ষক আলোচনা চক্ৰ আৰু সজাগতা সভা সফলতাৰে সম্পন্ন হৈ যায়। আলোচনা চক্ৰ আৰু সজাগতা সভাৰ বিষয়বস্তুৰ ওপৰত মুখ্য আলোচক হিচাপে ছাদুল্লা খান, অৱসৰপ্ৰাপ্ত উপ সঞ্চালক, উচ্চ শিক্ষা, অসম হজৰত আলী আহমেদ, কাৰ্যকৰী সভাপতি, চৰ-চাপৰি সাহিত্য পৰিষদ, অসম আৰু সমল ব্যক্তি হিচাপে ঢাকালীয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ছমিৰ খানে তথ্যগধুৰ বক্তব্য দাঙি ধৰে।
এছিয়ান মিছন ইনষ্টিটিউট অফ ফার্মাচিউটিকেল চায়েঞ্চ এণ্ড নাৰ্ছিংৰ সঞ্চালক ডা০ আব্দুল কদ্দুছ শিকদাৰে আদৰণি ভাষণ দিয়া আলোচনাত। কেইবাগৰাকী অধ্যক্ষ, অধ্যাপক, শিক্ষক, সচেতন নাগৰিক, সমাজকৰ্মী আৰু যুৱ সমাজৰ প্ৰতিনিধিয়ে নিজৰ নিজৰ বক্তব্য দাঙি ধৰে। সভাত সৰ্বসন্মতিক্ৰমে সকলোৱে আগন্তুক লোক পিয়লত মাতৃভাষা অসমীয়া লিখিব লাগে মন্তব্য দিয়াৰ লগতে সজাগতা সৃষ্টি কৰিব লাগে বুলি মতপোষণ কৰে।

