বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শুকুৰবাৰে অসম বিধানসভাত দাখিল কৰা ২০২৬-২৭ বৰ্ষৰ বাজেটত এইডছ আক্ৰান্ত শিশু আৰু এইডছত প্ৰাণ হেৰুওৱা ৰোগীৰ বিধবা পত্নীক ১ লাখ টকাকৈ সাহায্য প্ৰদানৰ প্ৰস্তাৱ ৰখা হৈছে। সেইমৰ্মে এইডছ আক্ৰান্ত শিশু আৰু এইডছত প্ৰাণ হেৰুওৱা ৰোগীৰ বিধবা পত্নীক ১ লাখ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব ৷ প্ৰায় ১৪০ গৰাকী শিশু আৰু মহিলা ইয়াৰ দ্বাৰা উপকৃত হ’ব ৷
একেদৰে অসমৰ সত্ৰ প্ৰতিষ্ঠানত থকা ৬২১ গৰাকী উদাসীন ভকতক মহিলী ১৫০০ টকাকৈ প্ৰদানৰ যি প্ৰক্ৰিয়া সেয়া অহা আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰা হ’ব বুলি বাজেটত কোৱা হৈছে ৷ তদুপৰি ‘মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলি যোজনা’ৰ অধীনত ক্ষুদ্ৰ আৰু উপান্ত কৃষকলৈ সাহায্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত থাকিব ৷ এই আঁচনিৰ অধীনত পি এম-কিষাণ আঁচনিৰ সৈতে সংগতি ৰাখি প্ৰতিগৰাকী যোগ্য ক্ষুদ্ৰ আৰু উপান্ত কৃষকক বছৰি ১১০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব ৷
অসম চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, চাহ জনগোষ্ঠী, আদিবাসী সম্প্ৰদায় আৰু দিব্যাংগ মেধাৱী শিক্ষাৰ্থীক জলপানি, শৈক্ষিক উদগনি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সহায় আগবঢ়াব ৷ ২০২৬-২৭ বিত্তীয় বৰ্ষত এই আঁচনিৰ জৰিয়তে প্ৰায় ৩৭৫০০০ গৰাকীতকৈ অধিক ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব ৷আনহাতে চাহ বাগিচাৰ গৰ্ভৱতী মহিলা শ্ৰমিকসকলক উন্নত মাতৃত্বকালীন যত্ন আৰু পৰিপুষ্টি নিশ্চিত কৰিবলৈ ১৫০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত ৰাখিব চৰকাৰে ।

