অসম চৰকাৰৰ ২০২৬-২৭ বৰ্ষৰ ৰাজ্যিক বাজেটত এইবাৰ শিক্ষাৰ্থীৰ কল্যাণমূলক আঁচনিসমূহত গুৰুত্বপূৰ্ণ পৰিবর্তনৰ ঘোষণা কৰা হৈছে। শুকুৰবাৰে বিধানসভাত বাজেট দাখিল কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জনায় যে অহা শিক্ষাবৰ্ষৰ পৰা ড০ বাণীকান্ত কাকতি মেধাৱী বঁটা আঁচনিৰ অধীনত স্কুটি বিতৰণ কাৰ্যসূচী বন্ধ কৰা হ’ব। ইয়াৰ পৰিৱৰ্তে শিক্ষাৰ্থীক অধিক বিস্তৃত আৰু সুষম আৰ্থিক সহায় প্ৰদানৰ লক্ষ্যৰে নিজুত মইনা আৰু নিজুত বাবু আঁচনি অধিক শক্তিশালী কৰা হ’ব।মন্ত্ৰীগৰাকীয়ে কয় যে এই পৰ্যন্ত নিজুত মইনা আৰু নিজুত বাবু আঁচনিৰ জৰিয়তে মুঠ ৫,৪৪,৪৭৯ গৰাকী ছাত্ৰী উপকৃত হৈছে আৰু ইতিমধ্যে ৩৭৪ কোটি টকাৰ আৰ্থিক সাহায্য বিতৰণ কৰা হৈছে।
চলিত বিত্তীয় বৰ্ষত প্ৰায় ৫,৩০,৭১৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই আঁচনিসমূহৰ পৰা লাভাৱান্বিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।ইফালে, এইবাৰৰ বাবে ড০ বাণীকান্ত কাকতি মেধাৱী বঁটা আঁচনিৰ অধীনত প্ৰায় ১৮ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে স্কুটি লাভ কৰিব। কিন্তু পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা এই আঁচনি বন্ধ কৰি ইয়াৰ বাবে আবণ্টিত ধন শিক্ষাৰ্থীৰ অন্য সহায়মূলক আঁচনিসমূহত ব্যৱহাৰ কৰা হ’ব। চৰকাৰে বিশ্বাস কৰে যে এই পদক্ষেপে অধিক সংখ্যক যোগ্য শিক্ষাৰ্থীক আৰ্থিক সহায় প্ৰদানত সহায় কৰিব।আনহাতে, বাজেটত এক গুৰুত্বপূৰ্ণ সামাজিক-সাংস্কৃতিক পদক্ষেপৰূপে আগষ্ট মাহৰ পৰা সত্ৰানুষ্ঠানৰ সৈতে জড়িত ৬২১গৰাকী উদাসীন ভকতলৈ পুনৰ মাহিলী ১৫০০ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছে। এই পদক্ষেপে সত্ৰ-সংস্কৃতিৰ সৈতে জড়িত ব্যক্তিসকলক আৰ্থিকভাৱে সহায় কৰাৰ লগতে অসমৰ ঐতিহ্য সংৰক্ষণত সহায় কৰিব বুলি আশা কৰা হৈছে।ইয়াৰ উপৰিও কৃষিখণ্ডতো চৰকাৰে সমৰ্থন অব্যাহত ৰাখিছে।
মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ অধীনত যোগ্য ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলে বছৰি ১১ হাজাৰ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। এই আঁচনি পি এম-কিষান আঁচনিৰ লগত সংগতি ৰাখি ৰূপায়ণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।সামগ্ৰিকভাৱে, ২০২৬-২৭ বৰ্ষৰ বাজেটত শিক্ষাৰ্থী, কৃষক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ লোকসকলৰ বাবে গ্ৰহণ কৰা এই নতুন পদক্ষেপসমূহে ৰাজ্যৰ সামগ্ৰিক উন্নয়ন আৰু সামাজিক সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰিব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে।

