বহু বিবাহ কৰোৱা চৰকাৰী কৰ্মচাৰীক কৰা হ’ব চাকৰিৰ পৰা বৰ্খাস্ত

বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁৰ বাজেট ভাষণত কয় যে বহু বিবাহ কৰোৱা চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব। একেদৰে আধাৰভিত্তিক প্ৰমাণীকৰণকে ধৰি ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ ডিবিটিৰ অধীনত হিতাধিকাৰী গাঁথনিৰ দ্বাৰা সকলো হিতাধিকাৰীমুখী আঁচনি প্ৰদান কৰা হ’ব ৷ মহিলা সবলীকৰণ, লিংগ সমতা সুদৃঢ় কৰাৰ অৰ্থে বহুবিবাহ কৰোৱা কোনো পুৰুষে চৰকাৰী কল্যাণমূলক আঁচনিৰ লাভ উঠাব নোৱাৰিব ৷

মহিলা সবলীকৰণ, লিংগ বৈষম্য দূৰ আৰু এক সুস্থ পাৰিবাৰিক পৰিৱেশ গঢ় দিয়াৰ লক্ষ্যৰে চৰকাৰে ‘অসম সেৱা (অনুশাসন আৰু আবেদন) নিয়মাৱলী, ১৯৬৪’ ৰ সংশোধনৰ প্ৰস্তাৱ আগবঢ়াইছে ৷ ফলত কোনো চৰকাৰী কৰ্মচাৰীয়ে বহু বিবাহ কৰা বুলি প্ৰমাণ হ’লে তেওঁক আইন মতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব ৷আগষ্ট মাহৰ পৰা হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ মাহেকীয়া ধনৰাশি ৷

যোগ্য পৰিয়ালেহে যাতে এই আঁচনিৰ লাভ উঠাব পাৰে তাৰ বাবে চৰকাৰে যোগ্য হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিব ৷ ‘অৰুণোদয় প্লাছ’ আঁচনিৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ ধন আৰু বিধবা পেঞ্চন আঁচনি প্ৰদান প্ৰক্ৰিয়া অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে চৰকাৰে ৷

Related Articles