নৃত্যসূৰ্য পংকজ বৰুৱা সত্ৰীয়া একাডেমীৰ “ভকতি ৰোচন” শীৰ্ষক সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সফল সামৰণি

অসম সত্ৰ মহাসভাৰ সত্ৰীয়া সংস্কৃতি চৰ্চা কেন্দ্ৰ, পৰীক্ষা পৰিষদৰ সহযোগত আৰু পৰিৱেশ্য কলাৰ প্ৰশিক্ষণ কেন্দ্ৰ নৃত্যসূৰ্য পংকজ বৰুৱা সত্ৰীয়া একাডেমীৰ উদ্যোগত যোৱা ৭ জুলাইৰ পৰা আৰম্ভ হোৱা চাৰিদিনীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালাখন ১০ জুলাইত সফল সামৰণি পৰে। লালমাটিৰ দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰ ন্যাসৰ শীত-তাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহত অনুষ্ঠিত “ভকতি ৰোচন” শীৰ্ষক নৃত্যানুষ্ঠানটো এগছি বন্তি প্ৰজ্বলনেৰে মুকলি কৰে বিশিষ্ট নৃত্য-নাট্য সমালোচক অতুল দত্তই।

বন্তি প্ৰজ্বলন কৰি দিয়া ভাষণত তেখেতে কৰ্মশালাৰ প্ৰয়োজনীয়তা উল্লেখ কৰাৰ লগতে সত্ৰীয়া নৃত্য ধাৰাটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত নৃত্যসূৰ্য পংকজ বৰুৱাই লোৱা বিভিন্ন পদক্ষেপক তেওঁক ভূয়সী প্ৰংশসা কৰে । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সমাজ সেৱক পংকজ মেধি আৰু প্ৰমথেশ চক্ৰৱতী ।

কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলে নৃত্যসূৰ্য পংকজ বৰুৱাৰ পৰিচালনাত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ “আমি যত জীৱ তোমাৰ পালন” ঘোষা আৰু “মোহন মনোহৰ মূৰুতী মাধৱ” শীৰ্ষক বৰগীতটিৰ আধাৰত সুন্দৰ নৃত্যাভিনয় কৰে । অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলক একোখনকৈ প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয় । প্ৰমাণ-পত্ৰ লাভ কৰা প্ৰশিক্ষাৰ্থী সকল হ’ল-দেৱাঙ্গী শৰ্মা, তিস্তা দাস, দেৱাংগনা তালুকদাৰ, মৈত্ৰী বৰ্মন, জয়শ্ৰী তালুকদাৰ, যুবিকা বৰ্মন, জাগ্ৰিতি বৰা আৰু ধৃতিস্মিতা দাস ।

Related Articles