ই-২০ পেট্ৰ’লে বাহনৰ মাইলেজত ৫ শতাংশ হ্ৰাস ঘটায়; স্বীকাৰ কৰিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ে

ইথানল মিশ্ৰিত পেট্ৰ’ল (E20) ব্যৱহাৰৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিতৰ্কৰ মাজতে অৱশেষত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ে স্বীকাৰ কৰিছে যে ইয়াৰ ফলত বাহনৰ মাইলেজ কিছু পৰিমাণে হ্ৰাস পায়। এক আনুষ্ঠানিক বিবৃতিত মন্ত্ৰালয়ে জনায় যে ই-২০ পেট্ৰ’ল ব্যৱহাৰ কৰিলে কমেও ৫ শতাংশ মাইলেজ কমে। অৱশ্যে, ই-১০ পেট্ৰ’লতকৈ ই অধিক পৰিষ্কাৰ আৰু পৰিবেশ-বান্ধৱ বুলি চৰকাৰে দাবী কৰিছে।মন্ত্ৰালয়ৰ মতে, ইথানল মিহলি কৰা পেট্ৰ’ল ব্যৱহাৰ কৰিলে ইঞ্জিনৰ ক্ষতি হয় বুলি কোৱা কথাটো বৈজ্ঞানিকভাৱে প্ৰমাণিত নহয়। ২০০২ চনৰ পৰা এই ক্ষেত্ৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলি আহিছে আৰু যোৱা ১৩ বছৰৰ গৱেষণাত নিশ্চিত হৈছে যে ইথানল মিশ্ৰিত পেট্ৰ’লে সাধাৰণতে ইঞ্জিনত কোনো প্ৰকাৰৰ গুৰুত্বপূৰ্ণ ক্ষতি নকৰে।তথাপিও, এই বিষয়টোত ৰাইজৰ মাজত সন্দেহ আৰু বিৰোধিতা অব্যাহত আছে। বিশেষকৈ একাংশৰ অভিযোগ যে পেট্ৰ’লত ২০ শতাংশ ইথানল মিহলাই বিক্ৰী কৰা হ’লেও মূল্য লোৱা হৈছে বিশুদ্ধ পেট্ৰ’লৰ দৰে। ইয়াৰ ফলত বিৰোধী ৰাজনৈতিক দল আৰু সাধাৰণ জনতাৰ মাজত ক্ষোভ বৃদ্ধি পাইছে।ইফালে মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে ই-২০ পেট্ৰ’লৰ মূল্য কম কৰা সম্ভৱ নহয়।

চৰকাৰৰ মতে, পেট্ৰ’লত ইথানল মিহলোৱাৰ মূল উদ্দেশ্য হৈছে দেশৰ শক্তি সুৰক্ষা বৃদ্ধি কৰা আৰু খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা। তদুপৰি কৃষকৰ পৰা লাভজনক মূল্যত ইথানল ক্ৰয় কৰাৰ বাবে ইয়াৰ উৎপাদন খৰচো অধিক। বৰ্তমান বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্যৰ পৰিপ্ৰেক্ষিতত ই-২০ উৎপাদন বিশুদ্ধ পেট্ৰ’লতকৈ বেছি ব্যয়বহুল বুলি উল্লেখ কৰা হৈছে।আন এক গুৰুত্বপূৰ্ণ বিষয় হৈছে দেশজুৰি পেট্ৰ’ল পাম্পসমূহত ই-১০ আৰু ই-২০ পেট্ৰ’ল একেলগে উপলব্ধ কৰাটো সম্ভৱ নহয়। আন্তঃগাঁথনিৰ সীমাবদ্ধতাৰ বাবে এক লাখতকৈ অধিক পেট্ৰ’ল পাম্পত দুয়ো ধৰণৰ পেট্ৰ’ল একেলগে যোগান ধৰাটো কঠিন বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে।

ইথানল ব্যৱহাৰৰ প্ৰসংগত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে বহুদিন ধৰি ইয়াৰ পক্ষত যুক্তি আগবঢ়াই আহিছে। অৱশ্যে বিৰোধী পক্ষই তেওঁক লক্ষ্য কৰি বিভিন্ন অভিযোগ উত্থাপন কৰিছে যদিও তেওঁ সেইবোৰ অস্বীকাৰ কৰিছে।শেহতীয়াকৈ ইথানল ব্যৱহাৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে পেট্ৰলিয়াম মন্ত্ৰালয়ে পুনৰ স্পষ্ট কৰি দিছে যে আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় গাড়ী নিৰ্মাতা সংস্থাসকলেও ইথানল ব্যৱহাৰ সুৰক্ষিত বুলি স্বীকাৰ কৰিছে। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে মন্ত্ৰালয়ে মাইলেজ হ্ৰাস পোৱাৰ কথাটো আনুষ্ঠানিকভাৱে স্বীকাৰ কৰাৰ ফলত বিষয়টোত নতুনকৈ আলোচনা আৰম্ভ হৈছে।সামগ্ৰিকভাৱে, ই-২০ পেট্ৰ’লৰ ব্যৱহাৰে পৰিবেশ সংৰক্ষণ আৰু শক্তি সুৰক্ষাৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি চৰকাৰে দাবী কৰিছে যদিও ইয়াৰ প্ৰভাৱ, বিশেষকৈ মাইলেজ আৰু মূল্যৰ ক্ষেত্ৰত, আগন্তুক দিনত আৰু অধিক পৰ্যালোচনাৰ প্ৰয়োজনীয়তা থাকিব।

Related Articles