ব্ৰহ্মপুত্ৰক ভেটি উত্তৰ-পূব ধ্বংসৰ ষড়যন্ত্ৰ ৰঙা চীনৰঃ বৃহৎ বান্ধক লৈ উদ্বেগ প্ৰকাশ কৰিলে স্বয়ং চীনা ভূতত্ত্ববিদেই

ব্ৰহ্মপুত্ৰক ভেটি উত্তৰ-পূব ধ্বংসৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ৰঙা চীনে। ব্ৰহ্মপুত্ৰ নদৰ ওপৰত চীনে নিৰ্মাণ কৰি থকা বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ বান্ধ প্ৰকল্পক কেন্দ্ৰ কৰি এতিয়া নতুনকৈ উদ্বেগ বৃদ্ধি পাইছে। বিশেষকৈ চীনৰ ভূতত্ত্ববিদসকলেই এই ‘মেগা’ প্ৰকল্পটোৰ ভৌগোলিক আৰু ভূতাত্ত্বিক বিপদ সন্দৰ্ভত সকীয়াই দিয়াত বিষয়টোৱে অধিক শংকাৰ সৃষ্টি কৰিছে।

প্ৰায় ১৪৭.৮ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয়ৰে নিৰ্মাণাধীন এই বৃহৎ বান্ধটো তিব্বতৰ ইয়াৰলুং ছাংপো নদীৰ ওপৰত অৱস্থিত। এই নদীয়ে পিছত ভাৰতত প্ৰৱেশ কৰি ছিয়াং আৰু তাৰ পাছত ব্ৰহ্মপুত্ৰ নাম লয়। ফলত এই প্ৰকল্পৰ প্ৰভাৱ ভাৰত আৰু বাংলাদেশলৈও পৰাৰ সম্ভাৱনা আছে।চীন চৰকাৰৰ সমৰ্থিত ভূতত্ত্ববিদসকলে উল্লেখ কৰিছে যে বান্ধটো য’ত নিৰ্মাণ কৰা হৈছে, সেই স্থানটো এটা “এক্টিভ ফল্ট লাইন” বা সক্ৰিয় টেকটনিক ফল্ট জ’নত অৱস্থিত।

এই ফল্ট জ’নত নিৰন্তৰ ভূগাঁথনিগত লৰচৰ চলি থকাৰ ফলত অঞ্চলটো ভূমিকম্পীয়ভাৱে অত্যন্ত সংবেদনশীল বুলি গণ্য কৰা হয়। ইয়াৰ ফলত বৃহৎ মাত্ৰাৰ ভূমিকম্প, ভূমিস্খলন আৰু শিলাস্খলনৰ আশংকা বৃদ্ধি পাব পাৰে।‘চেডিমেন্টেৰী জিঅলজি এণ্ড টিথাইন জিঅলজি ’ নামৰ চীনা আলোচনীত প্ৰকাশিত এক গৱেষণাত কোৱা হৈছে যে এই প্ৰকল্পটো দক্ষিণ-পূব তিব্বতৰ “গ্ৰেট বেণ্ড” অঞ্চলৰ ওচৰত অৱস্থিত পাইজেন ফল্টত নিৰ্মাণ কৰা হৈছে।

এই ফল্টটো প্ৰায় ২৬ লাখ বছৰ ধৰি সক্ৰিয় হৈ আছে আৰু এতিয়াও টেকটনিক গতিবিধি অব্যাহত আছে। গৱেষকসকলৰ মতে, এনে স্থানত যিকোনো ধৰণৰ বৃহৎ আন্তঃগাঁথনি—দলং, সুৰংগ বা বান্ধ—স্থায়িত্বৰ ক্ষেত্ৰত গুৰুতৰ ঝুঁকিৰ সন্মুখীন হ’ব পাৰে।অধ্যয়নটোত আৰু কোৱা হৈছে যে ফল্ট লাইনৰ অবিৰত গতিৰ ফলত চাৰিওফালৰ পাহাৰ আৰু শিলৰ গঠন অস্থিৰ হৈ পৰিব পাৰে। ইয়াৰ ফলত প্ৰকল্প এলেকাত ভূপৃষ্ঠৰ বিকৃতি, ভূমিস্খলন আৰু প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পাব পাৰে। এই পৰিস্থিতিত ভূতত্ত্ববিদসকলে অঞ্চলটোত ক্ৰমাগত ভূতাত্ত্বিক পৰ্যবেক্ষণ অব্যাহত ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে।ইয়াৰ পূৰ্বেও ভাৰত চৰকাৰে এই বান্ধ প্ৰকল্পক লৈ উদ্বেগ প্ৰকাশ কৰিছিল।

বিশেষকৈ নদীৰ স্বাভাৱিক সোঁত, পৰিৱেশগত সমতা আৰু তলৰ দিশৰ ৰাজ্যসমূহৰ জনজীৱনৰ ওপৰত সম্ভাৱ্য প্ৰভাৱৰ কথা উল্লেখ কৰি দিল্লীয়ে একাধিকবাৰ বিষয়টো উত্থাপন কৰিছে।এইবাৰ চীনৰ ভূতত্ত্ববিদসকলৰ সতর্কবাণীয়ে ভাৰতৰ সেই উদ্বেগক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। বিশেষজ্ঞসকলৰ মতে, যদি এই বৃহৎ প্ৰকল্পটো সঠিকভাৱে পৰিচালিত নহয়, তেন্তে ইয়াৰ প্ৰভাৱ কেৱল চীনতেই নহয়, সমগ্ৰ দক্ষিণ এশিয়াৰ পৰিৱেশ আৰু জনজীৱনৰ ওপৰত পৰিব পাৰে।সেইদৰে, ব্ৰহ্মপুত্ৰ নদৰ দৰে আন্তঃৰাষ্ট্ৰীয় গুৰুত্বৰ নদীত বৃহৎ প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত অধিক সতৰ্কতা, বৈজ্ঞানিক মূল্যায়ন আৰু আন্তঃৰাষ্ট্ৰীয় সমন্বয়ৰ প্ৰয়োজনীয়তা পুনৰ স্পষ্ট হৈ পৰিছে।

Related Articles