বৰপেটাৰ হাউলিত উপস্থিত মন্ত্রী ৰঞ্জিত কুমাৰ দাস।বৰপেটাৰ হাউলী অঞ্চলৰ ঐতিহাসিক মৈৰামাৰা সত্ৰৰ ভূমি বেদখল কৰাক লৈ বিশেক তৎপৰতা হাতত লৈছে। তৎকালীনভাৱে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক তথা সংশ্লিষ্ট বিষয়াবৰ্গক উক্ত বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়ে । তেনে এক পৰিপ্ৰেক্ষিততেই আজি জিলা প্ৰশাসনৰ সমূহ বিষয়া সকল সত্ৰখনত উপস্থিত হৈ তৎপৰতাৰে সত্ৰৰ মাটিখিনিত শান্তিপূৰ্ণ ভাবে সীমা নিৰ্ধাৰণ কৰাৰ সমান্তৰালকৈ মাটিৰ পট্টা থকা ব্যক্তিসকলক তেওঁলোকৰ ব্যক্তিগত মাটিৰ চিনাক্তকৰণ কৰি দিয়ে। ইয়াৰ লগতে, তেখেতে তিনিওখন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাবে সংশ্লিষ্ট সকলোলৈকে আহ্বান জনায় যে সত্ৰৰেই হওঁক অথবা মছজিদেই হওঁক নাইবা গীৰ্জাই হওঁক, কোনো লোকেই যাতে এনে ধৰ্মীয় অনুষ্ঠানৰ মাটি বেদখল কৰিব নোৱাৰে তাৰ প্ৰতি আব্বান জনায়।

