ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ মাজতো যাত্ৰীৰ সুবিধাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰেলৱে কৰ্তৃপক্ষই ইয়াৰ পৰিসৰত অন্তৰ্ভূক্ত ৰাজ্য কেইখনৰ পৰা অহা ২১ মে’ৰ পৰা সাতখনকৈ বিশেষ সাপ্তাহিক ৰেল চলাচল কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত দুখন বিশেষ সাপ্তাহিক ৰেল অসমৰ দুটা ৰেল ষ্টেচনৰ পৰা চলাচল কৰিব । উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দই জানিবলৈ দিয়া মতে অসমৰ পৰা চলাচল কৰিবলগীয়া ৰেল দুখন হল ক্ৰমে ০৫৬১৯/৫৬২০ কামাখ্যা – গয়া – কামাখ্যা বিশেষ সাপ্তাহিক এক্সপ্ৰেছ আৰু ০৩১৮১/৩১৮২ কলকাতা – শিলঘাট টাউন – কলকাতা বিশেষ সাপ্তাহিক এক্সপ্ৰেছ । ইয়াৰ ভিতৰত কামাখ্যা – গয়া – কামাখ্যা বিশেষ সাপ্তাহিক ৰেলখন অহা ২১ জুনৰ পৰা সপ্তাহৰ প্ৰতি সোমবাৰে পুৱা ৬.৩০ বজাত কামাখ্যা ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু পাছদিনা পুৱা ৫.২৯ বজাত গৈ গয়া ষ্টেচন পাব । তেনেদৰে ২২ জুনৰ পৰা সপ্তাহৰ প্ৰতি মঙলবাৰে বিশেষ সাপ্তাহিক ৰেলখন দুপৰীয়া ১২.৫৫ বজাত গয়া ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু পাছদিনা দুপৰীয়া ১২.৩০ বজাত আহি কামাখ্যা ষ্টেচন পাব । আনহাতে কলকাতা – শিলঘাট – কলকাতা বিশেষ সাপ্তাহিক ৰেলখন ২১ জুনৰ পৰা প্ৰতি সপ্তাহৰ সোমবাৰে কলকাতা আৰু ২২ জুনৰ পৰা প্ৰতি সপ্তাহৰ মঙলবাৰে শিলঘাট ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব । আনহাতে দুয়োখন ৰেলৰে যাত্ৰাকালত ৰাখিব লগীয়া ষ্টেচন , সময়সূচি আদিৰ বিতং তথ্য ৰেলৱেৰ ৱেবচাইটত আৰু উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ বিভিন্ন চ’ছিয়েল মিডিয়াত উপলব্ধ হব বুলি মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াজনে সদৰি কৰিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…