সমগ্ৰ দেশৰ লগতে নগাঁৱতো ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ৰোণাৰ সংক্ৰমণ। বৰ্তমানলৈকে জিলাখনত ১৩ হাজাৰৰো অধিক ব্যক্তি ক’ৰোণাত আক্ৰান্ত হোৱাৰ লগতে ইতিমধ্যে ৭৪জন ব্যক্তিয়ে ক’ৰোণাত প্ৰাণ হেৰুৱাইছে। নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলতো ক’ৰোণাৰ ব্যাপক সংক্ৰমণ ঘটিছে। ইতিমধ্যে নগাঁও জিলা প্ৰশাসনৰ লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাইয়ো সমষ্টিটোৰ চিকিৎসালয় সমূহত থকা ক’ভিদ ৰোগীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে সমষ্টিটোৰ অন্তৰ্গত কণ্টেইনমেণ্ট জ’ন আৰু কন্টেইনমেন্ট হোম সমূহতো সাধাৰণ জনতাৰ অসুবিধাৰ বুজ লোৱা দেখা গৈছে। আজিও বিধায়ক গৰাকীয়ে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তুলসী দেউৰী পঞ্চায়ত,দক্ষিণপাট গাঁও পঞ্চায়ত,পাখিমৰীয়া গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত কণ্টেইনমেণ্ট হোমত থকা পৰিয়াল সমূহৰ খবৰ লোৱাৰ লগতে তেঁওলোকে সন্মুখীন হোৱা সমস্যাৰো বুজ লয়। লগতে এই জটিল সন্বিক্ষণত কন্টেইনমেন্ট হোমত থকা পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ উদ্দেশ্যে তেওঁলোকৰ মাজত প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ টোপোলাৰ লগতে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে।খাদ্য সামগ্ৰী বিতৰণ কৰি বিধায়ক গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰখনে সাধাৰণ ৰাইজৰ সকলো সমস্যা সমাধানৰ বাবে যৎপৰোনস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে। আশাকৰো ইয়াৰ জৰিয়তে ৰাইজসকল উপকৃত হব।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…