আজিৰে পৰা পৰা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত পুৰণি শৰাইঘাট দলংখন সম্পূৰ্ণৰূপে বন্ধ থাকিব। নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱে (এন এফ আৰ)য়ে দলংখনৰ মেৰামতি আৰু পুনৰুদ্ধাৰৰ কাম হাতত লোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই প্ৰক্ৰিয়াৰ ফলত গুৱাহাটীত যান-বাহন চলাচলত গুৰুত্বপূৰ্ণ পৰিবৰ্তন আহিব বুলি যান-বাহন আৰক্ষীয়ে ঘোষণা কৰিছে।
নির্দেশনা অনুসৰি, ১৩ জুলাইৰ পুৱা ৫ বজাৰ পৰা পুৰণি শৰাইঘাট দলংখন সকলো ধৰণৰ যান-বাহনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ব। এই সময়ছোৱাত সকলো যান-বাহনে যাতায়তৰ বাবে নতুন শৰাইঘাট দলং ব্যৱহাৰ কৰিব লাগিব। নতুন দলংখনৰ ওপৰেৰে দুয়োপিনৰ পৰা যান-বাহন চলাচলৰ অনুমতি দিয়া হ’ব যদিও কিছু বিশেষ নিয়ম-নীতি আৰোপ কৰা হৈছে।
বিশেষকৈ বাণিজ্যিক সামগ্ৰীৰ যান-বাহনৰ ক্ষেত্ৰত কড়া নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পুৱা ৬ বজাৰ পৰা নিশা ১০ বজাৰ ভিতৰত নতুন শৰাইঘাট দলঙৰ ওপৰেৰে গুৱাহাটীত বাণিজ্যিক সামগ্ৰীৰ যান-বাহন প্ৰৱেশ বা প্ৰস্থান কৰিব নোৱাৰিব। ইয়াৰ জৰিয়তে যানজঁট নিয়ন্ত্ৰণ আৰু সাধাৰণ জনতাৰ চলাচল সহজ কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।

