দেওবাৰে এজাক মুষলধাৰ বৰষুণৰ পিছতে যোৰাবাটত ভয়ংকৰ কৃত্ৰিম বানৰ সৃষ্টি হয়। যাৰ ফলত কৰি উজনি-নামনি সংযোগকাৰী গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে।
যোৰাবাট আৰু কাষৰীয়া অঞ্চলত পানী জমা হোৱাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত সৰু-বৰ বাহনৰ দীঘলীয়া শাৰী। বৰ্তমানো তীব্ৰ যান-জঁটৰ সৃষ্টি যোৰাবাটত। বহু ব্যক্তিগত আৰু বাণিজ্যিক বাহন, অট’ৰিক্সা আৰু মটৰ চাইকেল পথৰ মাজতে বিকল হৈ পৰে।
কৃত্ৰিম বানৰ ফলত ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ থকা যাত্ৰী আৰু চালকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।
আনহাতে ভূমিস্খলনত বিধ্বস্ত হৈ পৰে এখন বাহন। দেওবাৰে সৃষ্টি হোৱা কৃত্ৰিম বান আৰু ভূমিস্খলনত পাহাৰৰ মাটি খহি পৰে বাহনখনৰ ওপৰত৷
বৰ্তমানো যোৰাবাট অভিমুখে যাত্ৰা কৰোতে সাৱধান। বৰ্তমানো কমা নাই যান-জঁট। ঠাইয়ে ঠাইয়ে একাঁঠু পানী আৰু বোকাময় পৰিৱেশ। একবাৰে মন্থৰ গতিত চলাচল কৰিছে বাহন। প্ৰায় ১৪/১৫ ঘন্টা ধৰি যানজঁট। ন মাইল, দহ মাইলত ভূমিস্খলন। আৱদ্ধ বহু চাৰিচকীয়া বাহন। স্থানীয় ৰাইজৰ তৎপৰতাত প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ।

