স্বেচ্ছাসেৱী সংগঠন ৰেইজ ৰ উদ্যোগত নলবাৰী বৰভাগত কোভিড ভেকচিন প্ৰদান কৰা হয় । বৰভাগৰ কালাগ হাটখোলাস্থিত বৰগভাগ যুৱ সমাজৰ কাৰ্যালয়ত এই কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বৰভাগ অঞ্চলৰ ৪৫ বছৰ ঊৰ্ধৰ ব্যক্তি সকলক এই কোভিড ভেকচিন প্ৰদান কৰা হয় । এই ভেকচিন প্ৰদান কাৰ্যসূচীৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক নাৰায়ন ডেকাই । তদুপৰি এই ভেকচিন প্ৰদান কাৰ্যসূচীত উপস্থিত থকা স্বাস্থ্য বিষয়া সহ স্বাস্থ্যকৰ্মী সকলক প্ৰাক্তন বিধায়ক নাৰায়ন ডেকাই গামোচাৰে সম্বৰ্দ্ধনা জনাই । উল্লেখ্য যে এই ভেকচিন প্ৰদান কাৰ্যসূচীত অঞ্চলটোৰ প্ৰায় ২০০ গৰাকী লোকে কোভিড ভেকচিন গ্ৰহণ কৰে । আজিৰ এই কোভিড ভেকচিন প্ৰদান কাৰ্যসূচীত নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা,ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা,বৰভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি মহিন্দ্ৰ শৰ্মা প্ৰমুখ্যে বহু কেইজন দলটোৰ কৰ্মী উপস্থিত থাকে ।
আনহাতে নলবাৰী জিলাৰ গোপালবজাৰস্থিত জ্ঞানপীঠ হাইস্কুলত ও ৪৫ বছৰ ঊৰ্ধৰ ব্যক্তি সকলক কোভিড ভেকচিন প্ৰদান কৰা হয় । ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আৰু নলবাৰী স্বাস্থ্য বিভাগৰ সহযোগত ৪ নং খাটা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১২২ নং বুথৰ ৪৫ বছৰ ঊৰ্ধৰ ২০০ ব্যক্তিক এই কোভিড ভেকচিন প্ৰদান কৰা হয় । আজিৰ এই কাৰ্যসূচীত নলবাৰী স্বাস্থ্য বিভাগৰ চিকিৎসক, স্বাস্থ্যকৰ্মী, নলবাৰী চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মী সকল ,ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী সমিতিৰ বিষয়ববীয়া,৪ নং গাওঁ পঞ্চায়তৰ প্ৰতিনিধি সকল, বুথৰ কাৰ্যকাৰী সভাপতি সহ প্ৰমুখ্যে দলটোৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…