বিধানসভাত চাহ জনজাতি আৰু আদিবাসী জনসাধাৰণৰ সামাজিক, শৈক্ষিক আৰু আৰ্থিক উন্নয়নৰ বিষয়ত প্ৰশ্ন উত্থাপন সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ

অসম বিধানসভাত চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিষয়ত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিলে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ওচৰত সোণাৰি সমষ্টিৰ লগতে সমগ্ৰ অসমৰ চাহ জনজাতি আৰু আদিবাসী জনসাধাৰণৰ সামাজিক, শৈক্ষিক আৰু আৰ্থিক উন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে।

তেওঁ সদনত সোণাৰি সমষ্টিত অৱস্থিত চাহ বাগিচাসমূহৰ সংখ্যা, বিগত তিনিটা বিত্তীয় বৰ্ষত চাহ জনজাতি আৰু আদিবাসী লোকসকলৰ উন্নয়নৰ উদ্দেশ্যে ৰূপায়ণ কৰা বিভিন্ন আঁচনি আৰু সেইসমূহৰ অগ্ৰগতি সম্পৰ্কে তথ্য বিচাৰে।

ইয়াৰ উপৰিও শিক্ষা, দক্ষতা বিকাশ, স্ব-নিয়োজন, গৃহ নিৰ্মাণ, বিশুদ্ধ খোৱাপানীৰ সুবিধা, স্বাস্থ্যসেৱা, ৰাস্তা-ঘাট উন্নয়ন, সামূহিক ভৱন নিৰ্মাণ আদি ক্ষেত্ৰত বিভাগে ব্যয় কৰা ধনৰ পৰিমাণ, উপকৃত হিতাধিকাৰীৰ সংখ্যা আৰু সেইসমূহৰ বিৱৰণ সদনত দাখিল কৰিবলৈ অনুৰোধ জনায়।

একেসময়তে চাহ জনজাতি আৰু আদিবাসী ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ মান উন্নয়ন আৰু নিবনুৱা যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপনৰ সুবিধা সৃষ্টিৰ বাবে বিভাগে গ্ৰহণ কৰা বিশেষ পদক্ষেপসমূহৰ বিষয়েও মন্ত্ৰী মহোদয়ৰ পৰা স্পষ্ট তথ্য বিচাৰে।

বিধায়ক শ্ৰী ধৰ্মেশ্বৰ কোঁৱৰে কয় যে, চাহ জনজাতি আৰু আদিবাসী সমাজৰ সামগ্ৰিক উন্নয়ন নিশ্চিত কৰাৰ লক্ষ্যৰে তেওঁ আগন্তুক দিনতো সদনত জনস্বাৰ্থ জড়িত বিষয়সমূহ দৃঢ়তাৰে উত্থাপন কৰি যাব আৰু জনসাধাৰণৰ অধিকাৰ সুৰক্ষাৰ বাবে নিৰন্তৰ কাম কৰি যাব।

Related Articles