মৰিগাঁও জিলাৰ লাহৰীঘাটত যোৱা নিশা আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি ড্ৰাগছ , নগদ ধনসহ এজনক আটক কৰে। বগলীপাৰা গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী টোৰ নাম নজৰুল ইছলাম( ৫০ ) । ধৃত নজৰুলৰ পৰা ৫ টা হি’ৰইন ভৰ্তি ,১ টা খালি কণ্টেইনাৰ, ২৩ টা টেবলেট আৰু নগদ ২৫ হাজাৰ টকা উদ্ধাৰ কৰা হৈছে । ধৃত ড্ৰাগছ সৰবৰাহী নজরুল ইছলামৰ বিৰুদ্ধে Case No 337/21 U/S 21(a)/25/29 NDP’S Act ৰ অধীনত গোচৰ ৰুজু কৰিছে। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপোৰ্ট

