হাতীশিলাৰ দৰে প্ৰাকৃতিক ভাবে উপলব্ধ শ্ৰীশ্ৰীগণেশ মন্দিৰৰ ওপৰত আৰু পৰিৱেশ সংবেদনশীল/স্পৰ্শকাতৰ এলেকাত ইমাইলুৰ ৰহমানৰ দৰে এগৰাকী লোকে কিহৰ ভিত্তিত ইমান বৃহৎ হোটেল নিৰ্মাণ কৰাৰ অনুমতি লাভ কৰিলে এই কথা ভাবি আমি আচৰিত হৈছোঁ। আমি মানুহ ইমান তললৈ যাব পাৰিলোঁ নে মহাশয়?? তেনে এক বিষয়ত ইতিমধ্যেই যোৱা ৩ জুলাই ২০২৬ ৰ দিনা আপোনালৈ ই-মেইল যোগে পত্ৰ প্ৰেৰণ কৰিছিলোঁ। কিন্তু, আজি পৰ্যন্ত আপোনাৰ কাৰ্যালয়ৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ নকৰি আমি ব্যথিত হৈছোঁ; আচৰিত হৈছোঁ। আমাৰ মনলৈ নানান ধৰণৰ নেতিবাচক প্ৰশ্ন আহিবলৈ ধৰিছে। কিন্তু, নীতি আৰু আপোনালোকৰ দৰে জ্যেষ্ঠ-যোগ্য বিষয়াৰ ওপৰত এতিয়াও বিশ্বাস ৰাখিছোঁ। এই বিষয়ত সুক্ষ্ম ভাবে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক।
Eco-sensitive zone. মানে পৰিৱেশ সংবেদনশীল/স্পৰ্শকাতৰ এলেকা। আমচাং অভয়াৰণ্যক কেন্দ্ৰ কৰি বৃহত্তৰ চন্দ্ৰপুৰ এলেকাক পৰিৱেশ সংবেদনশীল এলেকা হিচাপে চিহ্নিত কৰা হৈছে। ভাৰত চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰালয়ে এই বিষয়ত ২০১৭ বৰ্ষতে ৰাজপত্ৰ যোগে ঘোষণা কৰি থৈছে।
কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ অধিনত অৱস্থিত প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি হাতীশিলা পাহাৰ; হাতীশিলা গণেশ মন্দিৰ। তিনিটা প্ৰকাণ্ড শিলৰ সংহতিৰে গঠিত সেই গণেশ স্বৰূপ বৃহৎ অবয়ব। তদুপৰি, শিলবোৰত খোদিত আছে অনান্য বহুতো ছবি। লেখা আছে লিপি; শিলালিপি। কিন্তু, আজি যেন এইবোৰ আমাৰ সভ্য সমাজৰ বাবে অপ্ৰয়োজনীয়, অপ্ৰাসংগিক, গুৰুত্বহীন। চৰকাৰ-প্ৰশাসন নীৰব নিৰ্বিকাৰ। কেৱল যেন মুখৰ কথাৰে চমক সৃষ্টি কৰাতেই সীমাবদ্ধ চৰকাৰ আৰু প্ৰশাসনিক বিষয়া।
হাতীশিলাৰ ওপৰত সকলো ধৰণৰ নীতি, নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই বৃহৎ অট্টালিকা সাজি থকা হৈছে। এটা দিনত হয়তো হাতীশিলা হেৰাই যাব। নিৰ্মীয়মান বৃহৎ অট্টালিকাবোৰ যেতিয়া তাৰকা যুক্ত হোটেল হৈ পৰিব তেতিয়া এচাম লোকৰ অৱসৰ বিনোদন আৰু উশৃংখলতাৰ ঠাই হৈ পৰিব হাতীশিলা!! তাত হেৰাই যাব প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি শ্ৰীশ্ৰীগণেশ মন্দিৰৰ ভক্তি-সাধনা!! হোটেলৰ ওপৰৰ পৰা ইচ্ছা-অনিচ্ছাকৃত ভাবে পেলোৱা থু-খেকাৰ, পানী-মদ আদিৰ বটলে শ্ৰীশ্ৰীগণেশ মন্দিৰৰ গৰিমা নিৰ্লিপ্ত কৰি পেলাব!! এটা সময়ত হোটেলৰ পায়খানা, ৰান্ধনীশালৰ পৰা নিগৰিত হৈ উলাই অহা লেতেৰা পানী বোৰেই হয়তো শতিকা যুৰি গৰিমা কঢ়িয়াই লৈ ফুৰা হাতীশিলা গণেশ মন্দিৰৰ অলংকাৰ হৈ পৰিব !!!
আনহে নালাগে, নিৰ্বিচাৰ শিল খনন আৰু পাহাৰৰ ওপৰত হ’বলগীয়া অনান্য ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ফলত এটা সময়ত সৰু-বৰ শিল খহি পৰিবলৈ ধৰিব আৰু হাতীশিলাই নিজৰ অস্তিত্ব হেৰুৱাই পেলাব।
ৰাইজৰ বক্তব্য মতে ইছমাইলুৰ ৰহমান নামৰ লোকজনে ৰঙা চুলিৰ প্ৰাক্তন পৰিবহন বিষয়া গৌতম দাস আৰু আন এজন অসম পৰ্যটন বিভাগৰ প্ৰবন্ধক ভাস্কৰ বৰুৱাক লগত লৈ নীতিবৰ্হিভূত ভাবে এই নিৰ্মাণকাৰ্য্য চলাই আছে। এইক্ষেত্ৰত আমি জিলা আয়ুক্তৰ পৰা স্পষ্টতা বিছাৰিছোঁ। লগতে জিলা আয়ুক্তৰ পৰা আমি তলত উল্লেখ কৰা দিশকেইটাৰ ওপৰতো স্পষ্টতা বিচাৰিছোঁ।
এক) গুৱাহাটীৰ দাঁতিকাষৰীয়া হাতীশিলা শ্ৰীশ্ৰীগণেশ মন্দিৰ নষ্ট কৰি অসমৰ বুকুত ধৰ্মীয় উন্মাদনাৰ পৰিৱেশ সূচনা কৰাৰ এয়া ভয়ানক ষড়যন্ত্ৰ ৰচনা কৰিছে নেকি ইমাইলুৰ ৰহমান নামৰ লোক জনে?
দুই) সেই ঠাইত ইমান ডাঙৰ কাম কৰিবলৈ ENVIRONMENTAL CLEARANCE কোনে কেতিয়া দিলে?
তিনি) Environment Impact Assement কোনে কেতিয়া কিহৰ ভিত্তিত কৰিলে?
চাৰি) SOIL Test কোনে কেতিয়া কিহৰ ভিত্তিত কৰিলে?
পাঁচ) ইছমাইলুৰ ৰহমানে মতে তেওঁ সেই হোটেল প্ৰকল্প Tata Group ৰ সৈতে লগলাগি কৰিছে।
যদি Tata Group ৰ সহযোগত হাতীশিলা গণেশ মন্দিৰৰ ওপৰত Hotel & Resorts ৰ এই কাম চলি আছে; তেনেহ’লে Tata Group ৰ লগত হোৱা বুজাবুজিৰ চুক্তি ৰাজহুৱা কৰা হওঁক। সেই কথা আমি জানিব লাগিব।
ছয়) Tata Group য়ে পৰিৱেশ সংবেদনশীল এলেকাত ইমান ডাঙৰ কাম কৰিবলৈ অনুমতি ক’ৰ পৰা কেনেকৈ পালে ?
সাত) আমচাং অভয়াৰণ্যক কেন্দ্ৰ কৰি ভাৰত চৰকাৰৰ বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ২০১৭ চনৰ ৭ মে’ত ৰাজপত্ৰত ঘোষণা কৰা পৰিৱেশ সংবেদনশীল এলেকা (Eco-sensitive Zone) ৰ ভিতৰত হাতীশিলা পাহাৰ বিশেষ ভাবে উল্লেখ আছে। অথচ, ইছমাইলুৰ ৰহমানে সেই পাহাৰ কাটি, শিল ভাঙি, হাতীশিলা শ্ৰীশ্ৰীগনেশ মন্দিৰক ভেঙুচালি কৰি ইমান ডাঙৰ অট্টালিকা সাজিবলৈ সাহস ক’ত পাৰে?
আপোনাৰ সঁহাৰিলৈ সাত দিন অপেক্ষা কৰিম আৰু পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ত (প্ৰয়োজনত উচ্চতম ন্যায়ালয়ত) Public Interest litigation (PIL) আৰু National Green Tribunal (NGT) ত অভিযোগ দাখিল কৰিম। তাৰ পিছৰখিনি প্ৰকৃতিৰ নিজা সিদ্ধান্ত হ’ব।
উল্লেখযোগ্য যে, আমি কোনো উন্নয়নমূলক কামৰ বিৰোধী নহয়। কিন্তু, উন্নয়নৰ নাম লৈ বাৰে বাৰে প্ৰকৃতি-পৰিৱেশ আৰু সনাতন ধৰ্ম-দৰ্শনৰ ওপৰত আঘাত সহ্য কৰা নহ’ব। আশা কৰোঁ মাননীয় জিলা আয়ুক্ত মহোদয়ে বিষয়বস্তুৰ গুৰুত্ব অনুভৱ কৰি ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।
বিষয়বস্তুৰ ওপৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দৃষ্টি আকৰ্ষণ কৰাৰোঁ চেষ্টা কৰে কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই।

