জীৱনে কি নিশিকাই । দিনটোৰ দুবেলা – দুমুঠি যোগাৰ কৰিবলৈকে গোলাঘাটৰ এগৰাকী মেধাৱী ছাত্ৰী তথা সু – গায়িকা চয়নিকা সভাপণ্ডিতে জীৱন যুজঁত অৱতীৰ্ণ হৈছে এগৰাকী পাচলি বিক্ৰেতা হিচাপে । কটন বিশ্ববিদ্যালয়ৰ এইগৰাকী মেধাৱী ছাত্ৰী তথা সু – গায়িকা চয়নিকা সভাপণ্ডিতে চৰম আৰ্থিক দৈন্যতাৰ পৰা পৰিত্ৰাণ বিচাৰি অৱশেষত ঘৰৰ সন্মুখতে আৰম্ভ কৰিছিল শাক- পাচলিৰ এখন সৰু দোকান। ছাত্ৰী গৰাকীৰ কৰ্ম সংস্কৃতিৰ কথা ইতিমধ্যে গোলাঘাটত চৰ্চাৰ বিষয় হৈ পৰিছিল আৰু আজি ছাত্ৰী গৰাকীক এই আৰ্থিক সংকটৰ পৰা কিছু সকাহ দিয়াৰ উদ্দেশ্যেৰে বিত্তমন্ত্ৰী অজন্তা নেওগ আহি গোলাঘাটৰ পাঁচ আলিৰ সমীপৰ জীৱন তামূলী পথৰ চয়নিকাৰ বাসগৃহত উপস্থিত হ’য়। উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা ৫০ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰি চয়নিকাৰ এই কৰ্মৰ শলাগ লোৱাৰ উপৰিও উজ্জ্বল ভৱিষ্যতৰ আৰ্শীবাদ দিয়ে। মন্ত্ৰী গৰাকীয়ে চয়নিকাৰ এই কৰ্মৰ উচ্চ প্ৰশংসা কৰাৰ লগতে গোলাঘাটৰ নৱ প্ৰজন্মই চয়নিকাৰ আদৰ্শৰে আগবাঢ়ি হাতে-কামে লাগিলে গোলাঘাট স্ব- নিৰ্ভৰশীল হৈ উঠিব বুলি মত প্ৰকাশ কৰে। লগতে মুখ্যমন্ত্ৰীয়ে অতি তৎপৰতাৰে চয়নিকালৈ আগবঢ়োৱা এই সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।এই অনুষ্ঠানত বিত্তমন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে সৰুপথাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সোণতলীত বৰলুইত শিল্পী সমাজৰ সমিতি গঠনঃ ২৬ মে’ত শপত গ্ৰহণ…
- হাৱাইপুৰ হাজাগআফেৰত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা, প্ৰদান কৰিলে ৫০ হাজাৰ টকাৰ চেক; উপস্থিত মন্ত্ৰী নন্দিতা গাৰ্লোচা…
- হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ…
- এনেকৈয়ে আহে আধুনিকতা…
- বিলাসীপাৰাৰ ব’হাগী উৎসৱত কঁকাল ভাঙি নাচিলে আঙুৰলতা ডেকাই…
- দেশত লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন। মুম্বাইত ভোটাধিকাৰ সাব্যস্ত অক্ষয় কুমাৰ, জাহ্নৱী কাপুৰ; ৰাজকুমাৰ ৰাওৰ…
- দুৰ্ঘটনাত পতিত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰ! সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ…
- আজি দেশত লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন, ভাগ্য নিৰ্ণয় হ’ব ৰাজনাথ সিং, স্মৃতি ইৰাণী; ৰাহুল গান্ধীৰ…
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…