Actress Purvi Sharma । অসমীয়া চলচ্চিত্ৰ জগতলৈ অপূৰণীয় ক্ষতি: অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান
অসমীয়া চলচ্চিত্ৰ জগতলৈ নামি আহিল শোকৰ ছাঁ। ৮০-৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান ঘটিছে। হৃদৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰাৰ পিছত তেওঁক গুৱাহাটীৰ মাৰোৱাৰী মেটাৰনিটি হাস্পতাললৈ নিয়াৰ হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
পূৰৱী শৰ্মাৰ মৃত্যুৰ খবৰে সমগ্ৰ ৰাজ্যতে শোকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। অসমীয়া চলচ্চিত্ৰ, অনাতাঁৰ নাটক, ভ্ৰাম্যমান থিয়েটাৰ আৰু সংগীতৰ জগতলৈ তেওঁ আগবঢ়োৱা অৱদান সদায় স্মৰণীয় হৈ থাকিব।
সৰুৰে পৰা চিকিৎসক হোৱাৰ সপোন দেখিছিল পূৰৱী শৰ্মাই। বিজ্ঞান শাখাৰ ছাত্ৰী হিচাপে অধ্যয়ন কৰিলেও পৰৱৰ্তী সময়ত সংগীত আৰু অভিনয়ৰ প্ৰতি থকা গভীৰ অনুৰাগে তেওঁক সাংস্কৃতিক জগতলৈ আকৰ্ষিত কৰে। নাচ-গানৰ চৰ্চাৰ মাজেৰেই অভিনয় জীৱনৰ আৰম্ভণি হৈছিল তেওঁৰ।
‘আজলী নবৌ’ ছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰা পূৰৱী শৰ্মাই পিছলৈ একাধিক জনপ্ৰিয় অসমীয়া ছবিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰে। ‘প্ৰথম ৰাগিণী’, ‘এণ্টনি মোৰ নাম’, ‘পিতা পুত্ৰ’, ‘পাহাৰী কন্যা’, ‘কন্যাদান’, ‘বিধাতা’, ‘পূজা’, ‘ভাই ভাই’, ‘অশান্ত প্ৰহৰ’, ‘আহিৰ ভৈৰৱ’, ‘সোণ মইনা’, ‘সংকল্প’ আৰু ‘অভিমান’ আদি বহু উল্লেখযোগ্য ছবিত তেওঁৰ অভিনয় বিশেষভাৱে সমাদৃত হৈছিল। ইয়াৰ উপৰিও তেওঁ বহু ভিডিঅ’ চলচ্চিত্ৰ, অনাতাঁৰ নাটক আৰু ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰিছিল।
‘পাহাৰী কন্যা’ ছবিৰ শ্বুটিঙৰ সময়তে অভিনেতা তপন দাসৰ সৈতে তেওঁৰ প্ৰেমৰ সূচনা হয়। পৰৱৰ্তী সময়ত দুয়ো বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিছত কন্যাৰ লালন-পালন আৰু পৰিয়ালক অগ্ৰাধিকাৰ দিয়াৰ বাবে পূৰৱী শৰ্মাই অভিনয় জগতৰ পৰা বহু পৰিমাণে আঁতৰি যায়। এক সাক্ষাৎকাৰত তেওঁ নিজেই কৈছিল যে, পৰিয়ালৰ দায়িত্ব পালন কৰাৰ বাবেই তেওঁ অভিনয়ৰ ব্যস্ত জীৱন এৰি দিছিল।
অভিনয়ৰ লগতে সংগীত আৰু নৃত্যৰ চৰ্চাও তেওঁ জীৱনজুৰি অব্যাহত ৰাখিছিল। শিল্পী হিচাপে তেওঁৰ নিষ্ঠা, স্বাভিমান আৰু সৰল ব্যক্তিত্বই সহকৰ্মী আৰু অনুৰাগীৰ মাজত তেওঁক এক বিশেষ স্থান প্ৰদান কৰিছিল।
পূৰৱী শৰ্মাৰ মৃত্যুত অসমীয়া চলচ্চিত্ৰ আৰু সাংস্কৃতিক জগতৰ এক উজ্জ্বল অধ্যায়ৰ অন্ত পৰিল। তেওঁৰ অভিনয়, শিল্পীসত্তা আৰু সাংস্কৃতিক অৱদান আগন্তুক প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব।

