গোসাইগাঁও মহকুমাৰৰ চৌতাৰা মিলন বজাৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ। ৰাতিপুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোনত্বৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে। মৃত লোকজনৰ এতিয়ালৈকে কোনো পৰিচয় লাভ কৰা হোৱা নাই। এইটো হত্যাকাণ্ড নে আন কিবা সেয়া এতিয়াও ৰহস্যৰ আবৰ্তত।

