গুৱাহাটীৰ পৰা ডুবাইলৈ চলিব বিমান।
গুৱাহাটীৰ পৰা ডুবাই , আবু ধাবিলৈ পোনপটীয়া বিমান।
৪ আগষ্টৰ পৰা গুৱাহাটী–ডুবাই আৰু ৭ আগষ্টৰ পৰা গুৱাহাটী–আবু ধাবিলৈ আৰম্ভ হ’ব বিমানসেৱা।
এয়াৰ ইণ্ডিয়াৰ বিমান চলিব ডুবাই আৰু আবু ধাবিলৈ।
গুৱাহাটীৰ পৰা ডুবাইলৈ প্ৰতিটো টিকটৰ দাম ২১,১৮৮ টকাৰ পৰা আৰম্ভ হ’ব।
গুৱাহাটীৰ পৰা আবু ধাবিলৈ ১৯,৭৫৯ টকাৰ পৰা আৰম্ভ হ’ব টিকটৰ দাম।
অসম চৰকাৰক জনালে এই কথা এয়াৰ ইণ্ডিয়াই।

