পদ্মশ্ৰী গীতা উপাধ্যায়ক তেজপুৰৰ ৰাজহুৱা শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন

পদ্মশ্ৰী সন্মানপ্ৰাপ্ত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক আৰু অনুবাদক গীতা উপাধ্যায়ৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত সোমবাৰে নিশা তেজপুৰস্থিত নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৭ বছৰ। ১৯৩৯ চনৰ ১৪ ফেব্ৰুৱাৰীত তদানীন্তন দৰং জিলাৰ (বৰ্তমানৰ বিশ্বনাথ) গংমৌঠানত জন্মগ্ৰহণ কৰা গীতা উপাধ্যায় স্বাধীনতা সংগ্ৰামী বাবু ছবিলাল উপাধ্যায়ৰ নাতিনী আছিল। বাবু ছবিলাল উপাধ্যায় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ (APCC) প্ৰথমগৰাকী নিৰ্বাচিত সভাপতি আছিল। গীতা উপাধ্যায়ে ভাৰতীয় গোৰ্খা পৰিষংঘ (BGP) প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ উপৰি সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতিও আছিল।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে নিশা এক্স (পূৰ্বৰ টুইটাৰ)ত শোক প্ৰকাশ কৰি কয়, “বিশিষ্ট শিক্ষাবিদ আৰু সাহিত্যিক শ্ৰীমতী গীতা উপাধ্যায়ৰ প্ৰয়াণত গভীৰভাৱে শোকাহত। অসমীয়া আৰু নেপালী সাহিত্যলৈ তেওঁৰ অসামান্য অৱদান চিৰস্মৰণীয় হৈ থাকিব। পদ্মশ্ৰী আৰু ২০২৬ চনৰ সতী সাধনী বঁটাৰে সন্মানিত তেওঁৰ জীৱন আৰু কৰ্মই আগন্তুক প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি যাব। শোকসন্তপ্ত পৰিয়াল, অনুৰাগী আৰু শুভানুধ্যায়ীসকললৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ।”

মঙলবাৰে ভাৰতীয় গোৰ্খা পৰিষংঘ (BGP) অসম ৰাজ্যিক সমিতিৰ এটা প্ৰতিনিধি দলে তেওঁৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায়।

কাৰ্যকৰী সভাপতি থান্দী নেওৱাৰৰ নেতৃত্বত উপস্থিত প্ৰতিনিধি দলত সোনিতপুৰ জিলা BGP-ৰ সভাপতি গৌৰ বাহাদুৰ ছেত্ৰী আৰু সাধাৰণ সম্পাদক মুক্তিনাথ লুইটেল আদি উপস্থিত আছিল।

Related Articles