ৰাজ্যৰ ৰাজধানী গুৱাহাটীত পুনৰ এবাৰ গছৰ ডাল হঠাতে ভাঙি পৰাৰ ঘটনাই পথচাৰীৰ সুৰক্ষাৰ বিষয়ত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ দিছপুৰস্থিত অসম সচিবালয়ৰ সন্মুখত নৰ্থইষ্ট নাওৰ কাৰ্যবাহী সম্পাদক মহেশ ডেকাৰ বাহনৰ ওপৰত হঠাতে এজোপা পুৰণি গছৰ ডাল ভাঙি পৰে।
ঘটনাটোত সৌভাগ্যক্ৰমে সাংবাদিক ডেকাৰ লগতে গাড়ীখনত থকা আন এজন সাংবাদিক চন্দন বৰগোহাঁইৰ প্ৰাণৰক্ষা পৰে। প্ৰত্যক্ষদৰ্শীৰ মতে, গছজোপাৰ ডালটো বহুদিন ধৰি শুকাই আছিল আৰু বৰষুণ-বতাহৰ ফলত ই যিকোনো সময়তে ভাঙি পৰাৰ সম্ভাৱনা আছিল। ঘটনাটোত গাড়ীখনৰ বিস্তৰ ক্ষতি হয় যদিও, কোনো লোকৰ হানি-বিঘিনি নঘটাত সকলোৱে স্বস্তিৰ নিশ্বাস এৰিছে। এই ঘটনাই ৰাজধানীৰ ব্যস্ত অঞ্চলত এনে বিপজ্জনক অৱস্থাত থকা গছসমূহৰ প্ৰতি চৰকাৰী বিভাগে দেখুওৱা উদাসীনতাৰ কথাই পুনৰবাৰ প্ৰমাণ কৰা বুলি বহুতে আলোচনা কৰিছে। উল্লেখ্য ইয়াৰ পূৰ্বে মহানগৰীৰ ভূতনাথ-কালীপুৰ অঞ্চলতো অনুৰূপ এক ঘটনা সংঘটিত হৈছিল। ১২ জুনত পাণ্ডু মহাবিদ্যালয়লৈ পৰীক্ষা দিবলৈ গৈ থকা অৱস্থাত স্কুটীৰ ওপৰত এজোপা বিশাল শুকান গছ বাগৰি পৰাত পৰিস্মিতা হাজৰিকা নামৰ ছাত্ৰীগৰাকী নিহত হৈছিল। এই ঘটনাত আন এজন ছাত্ৰ জ্যোতিৰ্ময় মোহন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। এনেদৰে এটাৰ পাছত আনটো ঘটনা সংঘটিত হোৱাত এতিয়া সচেতন মহলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। মহানগৰীৰ বিভিন্ন ঠাইত বহু শুকান আৰু বিপজ্জনক অৱস্থাত থকা গছ এতিয়াও থিয় হৈ থকাৰ অভিযোগ উত্থাপন হৈছে।

বাৰিষাৰ সময়ত এনে গছ বা ডাল যিকোনো সময়তে খহি পৰি ডাঙৰ দুৰ্ঘটনা সংঘটিত কৰিব পাৰে বুলি সচেতন মহলে আশংকা ব্যক্ত কৰিছে। উল্লেখ্য যে সচিবালয়ৰ সন্মুখৰ পথটোত প্ৰতিদিনে হাজাৰ হাজাৰ লোকে অহা-যোৱা কৰে। তাত বহু বাটৰুৱাই গছৰ তলত বিশ্ৰাম লয়, আৰু চাহ আদি বিক্ৰী কৰা সৰু ব্যৱসায়ীসকলেও তাত দোকান দি নিজৰ জীৱিকা চলায়। এনে পৰিস্থিতিত যদি ব্যস্ত সময়ত গছৰ ডাল খহি কোনো নিৰীহ লোকৰ প্ৰাণহানি হয়, তেন্তে তাৰ দায়িত্ব কোনে ল’ব বুলিও প্ৰশ্ন উত্থাপন হৈছে। সৰ্বসাধাৰণ ৰাইজে এতিয়া চৰকাৰ আৰু পৌৰ প্ৰশাসনৰ ওচৰত দাবী জনাইছে যে মহানগৰীৰ সকলো বিপজ্জনক অৱস্থাত থকা শুকান গছ চিনাক্ত কৰি শীঘ্ৰে কাটি পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । অন্যথা, এনে ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ আশংকা অতি বেছি বুলিও সচেতন মহলে মত প্ৰকাশ কৰিছে।

