সৰ্বভাৰতীয় নীট পৰীক্ষাত উজ্বলি উঠিছে মৰিয়নি সমষ্টিৰ মৰিয়নি নগৰৰ গান্ধীনগৰৰ এক দৰিদ্ৰ পৰিয়ালৰ সন্তান শিৱম চাহা।
অত্যন্ত মেধাসম্পন্ন শিৱম চাহা সৰ্বভাৰতীয় মেডিকেল পৰীক্ষাত প্ৰথমবাৰ অৱতীৰ্ণ হৈয়ে ৫৪৪ নম্বৰৰে সুখ্যাতি অৰ্জন কৰিছে।
শিৱম চাহাৰ এই সফলতাত অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে। দিন হাজিৰা কৰা পিতৃ উত্তম চাহা আৰু মাতৃ নীৰুবালা চাহাৰ পুত্ৰ হৈছে শিৱম চাহা৷

