শৰীৰ হে দুৰ্বল, মনোবল শক্তিশালী ৱাংচুকৰঃ অনশনস্থলীৰ পৰা হাস্পতাললৈ লৈ যোৱা হৈছে সোণম ৱাংচুকক

আমিৰ খানে ভয় কৰিছে কাক? সোণম ৱাংচুকক চিনি নাপায় আমিৰ খানে ! সহশিল্পীয়ে স্বীকাৰ কৰাৰ পিছতো 3-idiotsৰে ৱাংচুকৰ সম্পৰ্ক নথকাৰ দাবী আমিৰৰ। লণ্ডনত আমিৰ খানৰ স্পষ্টীকৰণ। থ্ৰী ইডিয়টছৰ আঁৰৰ চৰিত্ৰ সোণম ৱাংচুকক আছিল নে? দুৰ্গম পাহাৰৰ মাজত থাকি বিজ্ঞান চৰ্চা কৰা এজন বিজ্ঞানীক আমিৰ খানে তেওঁৰ ছবি ৩ ইডিয়টছত তুলি ধৰিছিল। ৩ ইডিয়টছে বক্স অফিচ গৰম কৰি তোলাৰ সময়তে দেশ তথা বিদেশতো আলোচনা হৈছিল সোণম ৱাংচুক নামৰ বিজ্ঞানীগৰাকীৰ কথা। লাডাখৰ ৰুক্ষ ভূমিত নিৰৱে বিজ্ঞানৰ সাধানা কৰি থকা ৱাংচুক এতিয়া চৰ্চা লৈ আহিছে। এনে সময়তে আমিৰ খানে কৰিছে এক বিস্ফোৰক মন্তব্য-‘৩ ইডিয়টছ নিৰ্মাণৰ সময়ত আমি কোনেও সোণম ৱাংচুকক জনা নাছিলোঁ’।

লণ্ডনৰ এক অনুষ্ঠানত আমিৰ খানে কয় যে, মানুহৰ মাজত থকা এই জনপ্ৰিয় বিশ্বাসটো সত্য নহয় । তেওঁ কয়, “নহয়, আচলতে সেয়া সঁচা নহয় । সেয়া কেৱল এটা ভুল বুজাবুজিহে।”অভিনেতা আমিৰ খানে স্পষ্ট কৰি দিয়ে যে, যেতিয়া ‘৩ ইডিয়টছ’ ছবিখন নিৰ্মাণ কৰা হৈ আছিল, তেতিয়া তেওঁ বা ছবিখনৰ নিৰ্মাতাসকলৰ কোনেও সোণম ৱাংচুকক চিনি নাপাইছিল । ছবিত ‘চতুৰ ৰামালিংগম’ৰ চৰিত্ৰত অভিনয় কৰা সহ-অভিনেতা ওমী বৈদ্যৰ এটা শেহতীয়া ভিডিঅ’ৰ প্ৰসংগ টানি আমিৰ খানে কয় যে, ওমী বৈদ্যই হয়তো এই সম্পৰ্কটো সঁচা বুলি বিশ্বাস কৰিছিল, কিন্তু তথ্যগতভাৱে সেয়া ভুল আছিল। আমিৰ খানে কয়, “আমি যেতিয়া ছবিখন কৰি আছিলোঁ, তেতিয়া মই সোণম ডাঙৰীয়াৰ বিষয়ে একো জনা নাছিলোঁ। আনকি পৰিচালক ৰাজকুমাৰ হিৰাণী বা লেখক অভিজাত যোশীয়েও তেওঁক জনা নাছিল । হয়তো চতুৰে ভাবিছিল, কিন্তু তেওঁ ভুল ।” ধৰ্মীয় অসহিষ্ণুতাৰ কথা কৈ বিপদত পৰিছিল আমিৰ। এইবাৰ সেয়ে ৰিস্ক ল’ব খোজা নাই নেকি আমিৰে?

এতিয়া বহুতে প্ৰশ্ন কৰিছে আমিৰ খানে ভয় কৰিছে কাক? ধৰ্মীয় অসহিষ্ণুতা বিৰুদ্ধে এসময়ত মন্তব্য কৰি তিৰস্কৃত হোৱা আমিৰ খানে যেন এতিয়া পুনৰ বিৰ্তকত সোমাব বিচৰা নাই। তেইবাবে তেওঁ হয়তো সোনাম ৱাংচুকক চিনি পোনা নাছিল বুলি কৈছে। এয়া আমাৰ কথা নহয়। এয়া সচেতন ম হলত হোৱা চৰ্চা। সকলোৱে ভাবিছিল আমিৰ খান আহিব! ৱাংচুকক সাক্ষাত কৰিব কিন্ত, আমিৰ খান নাহিল আমিৰ নাহিলেও ৱাংচুকৰ কাষত থিয় দিছে বহু চেলিব্ৰিটিয়ে।

প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা খণ্ডত অন্যান্য দুৰ্নীতিৰ অভিযোগত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সমাজকৰ্মী সোনম ৱাংচুকে আমৰণ অনশনত বহি আছে। এই অনশনে ইতিমধ্যে ২০ দিনত ভৰি দিছে আৰু তেওঁৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট অৱনতি ঘটিছে। তেওঁৰ শৰীৰৰ ওজন হ্ৰাস পাইছে । এনে ক্ষেত্ৰত বাংচুকৰ জীৱনলৈ যিকোনো মুহূৰ্ততে ভাবুকি অহাৰ আশংকা কৰা হৈছে । সোনম ৱাংচুকৰ অনশন ভংগ কৰাই বলপূৰ্বক হ’লেও খাদ্য খোৱাৰ ব্যৱস্থা কৰিবলৈ আৰু হাস্পতালত ভৰ্তি কৰাবলৈ কেন্দ্ৰক হেঁচা দিবলৈ আনকি দিল্লী উচ্চ ন্যায়ালয়তো আবেদন কৰা হৈছে। বাংচুকৰ স্বাস্থ্যক লৈ উগ্বিন উচ্চ ন্যায়ালয়ো। সেয়ে তেওঁৰ নিয়মীয়া স্বাস্থ্যৰ পৰীক্ষাৰ নিদেৰ্শ দিছে ন্যায়ালয়ে।
উল্লেখ্য যে যোৱা ২৮ জুনৰ পৰা আমৰণ অনশনত বহি আছে সোনম ৱাংচুক। ক’কৰোচ্চ জনতা পাৰ্টীয়ে দিল্লীৰ যন্তৰ-মন্তৰত আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই অনশন অব্যাহত ৰাখিছে। নীটৰ প্ৰশ্নকাকত ফাদিলকে ধৰি অন্যান্য প্ৰশ্নকাকত ফাদিল আৰু দুৰ্নীতিৰ প্ৰতিবাদ জনাই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত প্ৰতিবাদকাৰীসকল অটল আছে ।

২০ জুলাইত নতুন দিল্লীত ককৰোচ জনতাী পাৰ্টিয়ে আয়োজন কৰিছে বিশাল গণসমাবেশৰ।২০ ধনি ধৰি অনশন অব্যহত ৰখা নাংচুকক অনশন ভংগ কৰিবলৈ দেশৰ বহু আগশাৰীৰ লেখক বুদ্ধিজীনুয়েও আহ্বান জনাইছে।

প্ৰশ্ন হৈছে সোনম ৱাংচুক কোন? লাডাখৰ এখন দুগৰ্ম গাঁৱত জন্ম গ্ৰহণ কৰিছিল ৱাংচুকে। সেই সময়ত লাডাখত বিদ্যালয়ৰ সঠিক ব্যৱস্থা নাছিল সেইবাবে ন বছৰ বয়সৰলৈকে ৱাংচুকক মাকে ঘৰতে পঢ়োৱাইছিল। পৰৱৰ্তি সম.ত তেওঁ তেও এগৰাকী অভিযোন্তৰা হৈছিল। বিদেশতো তেওঁ মাটিৰ প্ৰকৃতি বিষয়ত অধ্যয়ন চলাই প্ৰশংসা বুটলিছিল। বহুতৰে মতে লাডাখৰ সোণম ৱাংছুক ভাৰতৰেই নহয় বিশ্বৰে এজন সন্মানীয় বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁ ৰমন মেগছেছে এৱাৰ্ড পোৱাৰ লগতে আই আই টি মান্দিৰ পৰা এমিনেণ্ট টেকনলজিষ্ট এৱাৰ্ড , গ্ল’বেল এৱাৰ্ড ফৰ ছাছটেইনেবল নেবল আৰ্কিটেকচাৰ আদি গুৰুত্বপূৰ্ণ সন্মান লাভ কৰিছিল। সীমান্তত হিমবাহৰ মাজত ভাৰতীয় সেনাৰ বাবে তেওঁ সাজিছিল বিশেষ ধৰণৰ শীত নিৰোধক গৃহ, শিক্ষাৰ্থীৰ বাবে সৌৰশক্তিৰে চলিব পৰা ঘৰ, লাডাখৰ কৃষকৰ জলসংকট দূৰ কৰিবলৈ “আইচ ষ্টুপা” উদ্ভাৱন কৰিছিল। এতিয়া সেই গৰাকী বিজ্ঞানীয়েই দেশৰ শিজ্ঞা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত অনশনত বিহছে। চৰকাৰে তেওঁ দাবী মানি লৈ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক পদত্যাগ কৰিবলৈ বাধ্য কৰাওক বা নকৰাওক , সোনাম ৱাংচুকৰ স্বাস্থ্যৰ কথা চিন্তা কৰিয়েই তেওঁৰ সৈতে আলোচনাত মিলিত হ’ব লাগে বুলি এতিয়া বহুতে মত প্ৰকাশ কৰিছে। যদি সেয়া নহয় তেন্তে দেশে হয়তো এজন প্ৰকৃত প্ৰতিভাৱান বিজ্ঞানীখ হেৰুৱাৱ। এয়া আণাৰ কথা নহয়, এয়া দেশৰ লাখ লাখ সচেতন জনতাৰ মনৰ কথা। যি কথাৰ প্ৰতিফলন শেহতীয়াকৈ সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে।

ইফালে আজি অনশনস্থলীৰ পৰা হাস্পতাললৈ লৈ যোৱা হৈছে সোণম ৱাংচুকক। ২০ দিনে অনশন কৰি থকা সোণম ৱাংচুকক দিল্লী আৰক্ষীয়ে শনিবাৰে পুৱাই হাস্পতাললৈ লৈ যায়।

Related Articles