দৰঙলদৈ লৈ সুনাম কঢ়িয়ালে তেজস প্ৰতীম চহৰীয়াই

NEET UG পৰীক্ষা ২০২৬ত দৰঙৰ ছিপাঝাৰৰ বাসিন্দা তথা মঙলদৈৰ গুৰুকুল গ্ৰুপ অফ উইংছৰ ছাত্ৰ তেজস প্ৰতিম চহৰীয়াই ৫৯৩ নম্বৰ অৰ্জন কৰি জিলা খনলৈ সুনাম কঢ়িয়াই আনে।


তেজসে মঙলদৈৰ গুৰুকুল গ্ৰুপ অফ উইংছৰ ছাত্ৰ আছিল। শনিবাৰে তেজস প্ৰতীমক বিদ্যালয়ত উষ্ম আদৰণি জনায় গুৰুকুলৰ পৰিচালক সঞ্চালক দুৰ্লভ সৰকাৰে।তেজসে কয় একাগ্ৰতা আৰু কঠোৰ অধ্যৱসায় থাকিলে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰি।


তেজস প্ৰতিম চহৰীয়া ছিপাঝাৰ মহাবিলয়ৰ অধ্যাপক মুকুল কুমাৰ চহৰীয়া আৰু মাজবাট মহাবিদ্যালয়ৰ শিক্ষক বিচিত্ৰ বালা নাথৰ পুত্ৰ। ভবিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ লক্ষ্য তেজস প্ৰতিম চহৰীয়াৰ। উল্লেখ্য যে তেজসে সফল ভাৱে JEE,CUET লাভ কৰিবলৈ সক্ষম হৈছে।

Related Articles