গুৱাহাটী কমাৰ্চ কলেজৰ এমইউএন সন্মিলনত উদ্যোগমন্ত্ৰী বিমল বড়া । Bimal Bora

Bimal Bora । ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু প্ৰাচ্য ভিত্তিক কাৰ্য্য নীতি বিভাগৰ মন্ত্রী বিমল বড়াই আজি গুৱাহাটী কমাৰ্চ কলেজত উপস্থিত হৈ অধ্যাপক -অধ্যাপিকা তথা শিক্ষাৰ্থী সকলৰে মতবিনিময় কৰে।


কলেজ খনৰ অধ্যক্ষ বিপুল দাস প্ৰমুখ্যে অধ্যাপক- অধ্যাপিকা তথা শিক্ষাৰ্থী সকলৰে মতবিনিময় কৰি মন্ত্রী বড়াই শিক্ষাৰ্থী সকলক বাণিজ্যিক ক্ষেত্রখনৰ সম্ভাৱনাময় দিশৰ সন্দৰ্ভত অৱগত কৰি ইয়াৰ প্ৰতি আগ্ৰহী হোৱাৰ বাবে আহ্বান জনায়।এই দিশত চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগিতাৰো আশ্বাস প্ৰদানকৰে।


ইয়াৰ পাছতে মন্ত্রী বড়াই , কমাৰ্চ কলেজ ছাত্র একতা সভাই তিনিদিনীয়াকৈ আয়োজন কৰা চতুর্থ সংখ্যক Model United Nations Conference (MUNC) ত ড্ৰাগছৰ ভয়াবহতা আৰু অবৈধ সৰবৰাহ, উমৈহতীয়া দেৱানী আইন, সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্র,ইৰাণ,ইজৰাইল আদি দেশে চলাই থকা ছায়া যুদ্ধই বিশ্বত সৃষ্টি কৰা ভয়াবহতা
আদি বিভিন্ন বিষয়ক লৈ চলা দুখনকৈ সদন বিতৰ্ক প্ৰত্যক্ষ কৰে আৰু অংশগ্ৰহণকাৰী ছাত্ৰ -ছাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰে।

Related Articles