পুৱাই আমিনগাঁৱত ভয়ংকৰ দুৰ্ঘটনা

পুৱাই আমিনগাঁৱত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এখন WAGONR বাহন আৰু আনখন SWIFT বাহনৰ বিস্তৰ ক্ষতি। দুৰ্ঘটনা সংঘটিত কৰা AS DU 3522 নম্বৰৰ ৰঙা চুইফ্ট খন চোৰাং গৰু সৰবৰাহৰ সৈতে জড়িত জনৈক জাকিৰে ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। জাকিৰৰ লগত আছিল এগৰাকী যুৱতীসহ আন এজন সতীৰ্থ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় প্ৰত্যক্ষদৰ্শীৰ খবৰৰ ভিত্তিত আমিনগাঁৱ আৰক্ষীয়ে যুৱতীসহ যুৱক জনক কৰায়ত্ত কৰে যদিও পলায়ন কৰে গৰু সৰবৰাহকাৰী জাকিৰ। আনহাতে দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত আন খন AS 01 BV 5564 নম্বৰৰ WAGONER বাহনখন আহিছিল হাজোৰ পৰা গুৱাহাটী অভিমুখে।

আৰক্ষীৰ পৰা হাত সাৰিবলৈ পলায়ন কৰা জাকিৰৰ দলটোৱে পিছ ফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰিছিল বাহন খনত। খুণ্ডা ইমানেই তীব্ৰতৰ আছিল যে WAGONER বাহন খন পশ্চাদমুখী হৈ খুন্দা খাইছিল বিদ্যুৎৰ খুঁটাত। দৈৱক্ৰমে ৰক্ষা পৰে WAGONR বাহনত থকা দুই আৰোহী। এই মুহূৰ্তলৈকে পলাতক হৈ আছে জনৈক জাকিৰ।

Related Articles