এক প্ৰেৰণাদায়ী উদাৰতাৰ পৰিচয় দি কটন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° পান্নালাল গোস্বামী আৰু ড° নন্দিতা ভট্টাচাৰ্য গোস্বামীয়ে তেওঁলোকৰ সমগ্ৰ জীৱনৰ সঞ্চয় ১ কোটি টকা নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ক [KBVSগুASহু] অসমীয়া ভাষা, সংস্কৃতি, সংস্কৃত আৰু পুৰাতন সভ্যতাৰ বিস্তৃত অধ্যয়ন আৰু গৱেষণাৰ নামত দান কৰিছে৷ দুয়োগৰাকীয়ে কটন কলেজত শিক্ষকতা কৰি ২০০৯ চনত অৱসৰ লৈছে৷ এই সিদ্ধান্তৰ আঁৰৰ কাৰণ ব্যাখ্যা কৰি ড° নন্দিতা ভট্টাচাৰ্য গোস্বামীয়ে কয়- ‘‘টকা-পইচাবোৰ আমাৰ বাবে এটা বোজা হৈ পৰিছিল৷ আমাক ইমান ধনৰ প্ৰয়োজন নাই ৷
ইয়াক গৱেষণাৰ কামত দান কৰি আমি সেই বোজা পাতল কৰিলোঁ৷ ধনখিনি বেংকযোগে বিশ্ববিদ্যালয়ৰ একাউণ্টত ট্ৰেন্সফাৰ কৰা হৈছে৷ ৷ এই ধনৰাশি বিচাৰ-বিেষণ কৰিহে দান কৰা হৈছে৷ আমি মনে মনে দান কৰিছো,প্ৰচাৰৰ আশাৰে নহয় ৷ আমাৰ বংশ, পৰিয়ালৰ মানুহবিলাকো উদাৰ ৷ তেওঁলোকেও নিবিচাৰে আমাৰ পইচা, দিব খুজিলেও মানা কৰে ৷’’ এক কোটিৰ দৰে বৃহৎ ধনৰাশি দান কৰাৰ পিছত অনুভৱ জানিব বিচাৰি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অধ্যাপক ড° পান্নালাল গোস্বামীয়ে কয় —‘‘বৰ শান্তিত আছো এতিয়া ৷ ধনখিনি বেংকযোগে ট্ৰেন্সফাৰ কৰাৰ বাবে আমাৰ ধন যেন অনুভৱ হোৱাই নাই ৷
আমি একো ডাঙৰ কাম কৰা নাই, ইচ্ছা কৰিলে অসমৰ বহু মানুহে এনে কাম কৰিব পাৰে৷ ইয়াৰোপৰি আমি যোৱা সোতৰ বছৰ ধৰি অসমীয়া, বাংলা আৰু ইংৰাজী ভাষাত ঐতিহ্য : The Heritage নামৰ বহুভাষিক গৱেষণা পত্ৰিকাও প্ৰকাশ কৰি আহিছোঁ ৷’’ অট্টালিকা সাজিবলৈ, বিলাসী বাহন কিনি চলাবলৈ তেওঁলোকৰ সময় নাই৷ তেওঁলোকৰ নামত থকা মাটিও ইতিমধ্যে দান কৰি দিছে ৷ এতিয়াৰ যি ঘৰ মানুহ অনুপাতে সেয়াই যথেষ্ট৷ ইয়াৰোপৰি দৈনন্দিন খৰচ-পাতিৰ বাবে বৰ বেছি ধনৰো প্ৰয়োজন নহয় তেওঁলোকৰ৷ দুয়োৰে পেঞ্চনৰ টকাৰেই সুন্দৰকৈ চলি গৈছে তেওঁলোকৰ সংসাৰ৷দম্পতীহালে উল্লেখ কৰে যে এই দান তেওঁলোকৰ ‘সৰল জীৱন, উচ্ছ চিন্তা’ দৰ্শনৰ প্ৰতি থকা বিশ্বাস আৰু শিক্ষা তথা জনকল্যাণৰ বাবে নিজৰ জীৱনৰ উপাৰ্জন উচৰ্গা কৰাৰ ইচ্ছাৰে প্ৰতিফলন৷ পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয় কতৃৰ্পক্ষই গুৱাহাটীস্থিত দম্পতীহালৰ বাসভৱনত উপস্থিত হৈ তেওঁলোকক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে৷
তেওঁলোকৰ এই নিঃস্বাৰ্থ পদক্ষেপক অসমৰ শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰখনলৈ এক প্ৰেৰণাদায়ী অৱদান হিচাপে সৰ্বত্ৰ প্ৰশংসা কৰা হৈছে৷ বিশিষ্ট লেখক , সুবক্তা ময়ূৰ বৰাই সামাজিক মাধ্যমত লিখিছে-‘‘ভাৰতীয় সমাজত বহু মানুহে দান বৰঙনি দিয়ে যদিও সাধাৰণতে এনে ধনৰাশি ধৰ্মীয় কাৰণত মঠ মন্দিৰ, মছজিদ, গীৰ্জা আদিলৈকে বেছিকৈ যায়৷ আন একাংশ লোকে অনুকম্পামূলক কাৰণত কিছু দান বৰঙনি দিয়া দেখা যায়৷ পশ্চিমীয়া দেশৰ দৰে institutionalised charity প্ৰাচ্যৰ দেশসমূহত কম যেন অনুভৱ হয়৷ এই ক্ষেত্ৰত এক বিৰল ব্যতিক্ৰম ড° গোস্বামী ছাৰ আৰু ড° নন্দিতা বাইদেউ৷ তেওঁলোকৰ এই সিদ্ধান্তই আন কোনোবা আৰ্থিকভাৱে টনকিয়াল আৰু বহল মনৰ মানুহক এইধৰণৰ দান বৰঙনিৰ প্ৰতি অনুপ্ৰেৰণা যোগালে সমাজখন উপকৃত হ’ব৷’’

