শাওনৰ বানত বিধ্বস্ত উজনিঃ নাজিৰা-সোণাৰিত ভয়ংকৰ বান—পানীৰ তলত বহু গাঁও

অসমৰ চৰাইদেউ জিলাৰ সোণাৰি আৰু শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা নৈসমূহে বহু অঞ্চল পানীৰ তলত বুৰাই পেলাইছে। নিমিষতে শতাধিক পৰিয়ালৰ বাসগৃহ পানীৰ তলত ডুব যোৱাৰ ফলত ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে।

সোণাৰি অঞ্চলত টাউকাক নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ ফলত টিঙালীবাম, বাঁহবাৰী, লেকাম পথাৰ, চফ্ৰাই, বৈৰাগীহাবি, টকলিমৰা, ৰাইদঙীয়া, লালতিপথাৰ, বেকাদলং আৰু নকছাৰি আদি বহু এলেকা বানে প্লাৱিত হৈছে। ইয়াৰ উপৰিও লেকামজানৰ পানী বাগৰি টিয়কঘাট-টিঙালীবাম পথৰ বিভিন্ন অংশ ডুব যোৱাত যাতায়ত সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিছে।ইফালে নাজিৰাৰ গেলেকী অঞ্চলত দৈখনা নৈৰ নৱ-নিৰ্মিত মথাউৰি ছিঙি যোৱাত এক ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। দিখৌ নদীৰ পানী বিপদসীমাৰ ওপৰত বৈ থকাৰ ফলত বহু গাঁও আৰু শতাধিক বাসগৃহ পানীৰ তলত বুৰ গৈছে।

স্থানীয় ৰাইজে উদ্ধাৰ আৰু তৎকালীন সাহায্যৰ বাবে প্ৰশাসনক আহ্বান জনাইছে।বানপানীৰ ফলত বিস্তীৰ্ণ কৃষিভূমি ডুব যোৱাৰ বাবে কৃষকসকলৰ মাজত তীব্ৰ উদ্বেগ দেখা গৈছে। বহু পৰিয়ালে নিজৰ পশুধন আৰু সামগ্ৰী সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ বাধ্য হৈছে। ইতিমধ্যে বহু পৰিয়াল আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত হৈছে।জিলা প্ৰশাসনৰ লগতে দুৰ্যোগ প্ৰশমন বিভাগেও উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে।

কিন্তু বৰ্তমানেও বৰষুণ অব্যাহত থকাত পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা কৰা হৈছে।এই সন্দৰ্ভত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয় যে পাহাৰীয়া অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলতেই সোণাৰি সমষ্টি বানৰ কবলত পৰিছে আৰু বৰষুণ অব্যাহত থাকিলে এই পৰিস্থিতি আৰু ভয়ংকৰ হ’ব পাৰে। আনহাতে, সোণাৰি আঞ্চলিক পঞ্চায়তৰ সভাপতি কমলজ্যোতি হাজৰিকাইও জনায় যে নাগালেণ্ডৰ পৰা অহা পানীৰ বাবে বানৰ তীব্ৰতা বৃদ্ধি পাইছে আৰু আগন্তুক দিনত এই সমস্যাই আৰু ভয়ংকৰ ৰূপ ল’ব পাৰে বুলি আশংকা কৰা হৈছে। সামগ্ৰিকভাৱে নাজিৰা আৰু সোণাৰিৰ বান পৰিস্থিতি এতিয়া অত্যন্ত সংকটজনক হৈ পৰিছে।

Related Articles