উজনিত প্ৰলয়ংকাৰী বানৰ ফলত বিচ্ছিন্ন ৰে’লপথ

বানৰ কবলত উজনি অসম।

প্ৰলয়ংকাৰী বানৰ ফলত বিচ্ছিন্ন হৈ পৰিছে ৰে’লপথো।

ৰে’লপথ বিচ্ছিন্ন হোৱাৰ ফলত কেইবাখনো ৰে’লৰ চলাচল বাতিলকে ধৰি পথ সলনি।

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ এই সিদ্ধান্ত গ্ৰহণ।

ডিব্ৰুগড়ৰ বগীবিল দলঙৰে দূৰণিবটীয়া প্ৰায় ১০খন ৰে’লৰ পথ সলনি।

উজনি অসমৰে যাবলগীয়া প্রায় ১৩খন ৰে’লৰ চলাচল আধাতে বন্ধ।

প্রায় ১২খন স্থানীয় যাত্রীবাহী ৰে’লৰ চলাচল বাতিল।

আবদ্ধ যাত্রীসকলক অন্য ৰে’লেৰে যোৱাৰ ব্যৱস্থা গ্রহণ ৰে’ল বিভাগৰ।

যাত্রা বাতিল হোৱা ৰে’লৰ যাত্ৰীক টিকটৰ মূল্য ঘূৰাই দিয়াৰো ব্যৱস্থা সময়ে সময়ে যাত্রীক যোগান ধৰা হৈছে খোৱাপানী।

ক্ষতিগ্রস্ত ৰে’ললাইন মেৰামতিৰ বাবেও ব্যৱস্থা লৈছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই।

জনালে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ PRO নীলাঞ্জন দেৱে।

Related Articles