লাডাখৰ সমাজকৰ্মী তথা শিক্ষাবিদ ছোনম ৱাংচুকে দেশৰ শিক্ষা ব্যৱস্থাত সংঘটিত অনিয়ম, বিশেষকৈ NEET আৰু CUET-কে ধৰি বিভিন্ন সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বিৰুদ্ধে চলাই থকা অনশন কাৰ্যসূচীক সমৰ্থন জনাই সোমবাৰে গুৱাহাটীৰ নেহৰু পাৰ্ক আৰু কটন বিশ্ববিদ্যালয়ৰ সন্মুখত পৃথকভাৱে দুটাকৈ প্ৰতিবাদ সাব্যস্ত কৰা হয়। একাংশ সচেতন নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদত শিক্ষা ব্যৱস্থাত স্বচ্ছতা, জবাবদিহিতা আৰু শিক্ষাৰ্থীৰ অধিকাৰ সুৰক্ষাৰ দাবী জোৰদাৰভাৱে উত্থাপন কৰা হয়।
নেহৰু পাৰ্কৰ সন্মুখত SFI, DYFI, AIDWA আৰু CITU-ৰ উদ্যোগত আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে অভিযোগ কৰে যে, প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনাই দেশৰ লাখ লাখ মেধাৱী শিক্ষাৰ্থীৰ ভৱিষ্যৎ অন্ধকাৰ কৰি তুলিছে। বছৰজুৰি কঠোৰ পৰিশ্ৰম কৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি লোৱা শিক্ষাৰ্থীসকলক এনে অনিয়মে মানসিকভাৱে ভাঙি পেলোৱাৰ লগতে একাংশ শিক্ষাৰ্থীক আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত ল’বলৈও বাধ্য কৰিছে বুলি তেওঁলোকে মন্তব্য কৰে। প্ৰতিবাদস্থলীত দেশপ্ৰেমমূলক গীত, স্বৰচিত কবিতা পৰিৱেশনৰ জৰিয়তে শিক্ষা ব্যৱস্থাত সংঘটিত অনিয়ম আৰু দেশৰ গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত হোৱা আঘাতৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ প্ৰকাশ কৰা হয়। নতুন প্ৰজন্মৰ কেইবাজনো যুৱ-যুৱতীয়ে নিজে লিখা কবিতা আৰু প্ৰতিবাদী সংগীত পৰিৱেশন কৰি শিক্ষা ব্যৱস্থাৰ গাফিলতি, শিক্ষাৰ্থীৰ অনিশ্চিত ভৱিষ্যৎ আৰু গণতান্ত্ৰিক অধিকাৰ সংকুচিত হোৱাৰ অভিযোগ উত্থাপন কৰে।
ইফালে, কটন বিশ্ববিদ্যালয়ৰ সন্মুখত অ-ৰাজনৈতিক ভাৱে একাংশ সচেতন নাগৰিক, সাংস্কৃতিক কৰ্মী, প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী একত্ৰিত হৈ ছোনম ৱাংচুকৰ অনশনক সমৰ্থন জনাই শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদস্থলী “Up, Up Democracy”, “Down, Down Autocracy”, “Save Education, Save Future”, “Students’ Voice Cannot Be Silenced” আদি শ্লোগানেৰে মুখৰিত হৈ উঠে। অংশগ্ৰহণকাৰীসকলে হাতে হাতে বিভিন্ন দাবীসংবলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰি শিক্ষা ব্যৱস্থাত স্বচ্ছতা নিশ্চিত কৰাৰ আহ্বান জনায়। প্ৰতিবাদত অংশগ্ৰহণ কৰা একাধিক ছাত্ৰ-ছাত্ৰীয়ে কয় যে, ভাৰতীয় সংবিধানে প্ৰতিজন নাগৰিকক মত প্ৰকাশ আৰু শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। কিন্তু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অধিকাৰ আৰু ভৱিষ্যতৰ স্বাৰ্থত কণ্ঠ উত্থাপন কৰিলেই বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হ’বলগীয়া হয়। প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে বুলি দাবী জনায়। লগতে NEET, CUET-সহ সকলো সৰ্বভাৰতীয় পৰীক্ষাত সংঘটিত অনিয়মৰ নিৰপেক্ষ তদন্ত, দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ আৰু ভবিষ্যতে এনে ঘটনা ৰোধ কৰিবলৈ স্বচ্ছ আৰু জবাবদিহিমূলক পৰীক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে কেন্দ্ৰ চৰকাৰক তাৎক্ষণিক পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়।
প্ৰতিবাদত অংশগ্ৰহণকাৰীসকলে স্পষ্ট কৰি কয় যে, এই আন্দোলন কেৱল ছোনম ৱাংচুকৰ অনশনক সমৰ্থন জনোৱাৰ বাবে নহয়, দেশৰ প্ৰতিজন শিক্ষাৰ্থীৰ ন্যায়, মৰ্যাদা আৰু সুৰক্ষিত ভৱিষ্যতৰ দাবীত এক সামূহিক কণ্ঠস্বৰ। শিক্ষা ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ আস্থা পুনৰ ঘূৰাই আনিবলৈ চৰকাৰে দ্ৰুত, স্বচ্ছ আৰু দায়িত্বশীল পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলিও তেওঁলোকে মন্তব্য কৰে।

