নাজিৰাত ভয়াৱহ বান পৰিস্থিতিঃ নাজিৰাত বান শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নাজিৰা অঞ্চলত বান পৰিস্থিতিয়ে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰবল বানত বহু গাঁও জলমগ্ন হৈ পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি এতিয়ালৈকে ৫০ জনৰো অধিক লোক নিৰুদ্দেশ হৈ আছে আৰু ১৮ জন লোকৰ বানত উটি যোৱা মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰকাৰী দলে এতিয়াও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিৰুদ্দেশ হোৱা লোকসকলৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

ইফালে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নাজিৰাৰ বান শিবিৰ পৰিদৰ্শন কৰে। চন্টক বান শিবিৰত আশ্ৰয় লৈ থকা শ শ বানপীড়িত লোকৰ সৈতে মুখ্যমন্ত্ৰীয়ে মত বিনিময় কৰে আৰু তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয়।

শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এই সংকটৰ সময়ত চৰকাৰ বানপীড়িত ৰাইজৰ কাষত আছে। সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়োৱা হ’ব। খাদ্য, খোৱাপানী, ঔষধ আৰু চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ অভাৱ হ’বলৈ দিয়া নহ’ব বুলি তেওঁ আশ্বাস দিয়ে।

বৰ্তমান চন্টক বান শিবিৰত শ শ লোকে আশ্ৰয় লৈ আছে। প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও পৰ্যাপ্ত সাহায্যৰ অভাৱৰ অভিযোগো উত্থাপন হৈছে।

Related Articles