ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সাতশিমুলু শিবিৰ প্ৰাঙ্গণত Nature’s Observer NGO-ৰ উদ্যোগত Captive Elephant Health Camp আৰু Aranya Bandhu Award 2026 সফলতাৰে অনুষ্ঠিত হয়। অনুষ্ঠানৰ অংশ হিচাপে আজি পুৱা অভিজ্ঞ পশু চিকিৎসকৰ এটা দলে উদ্যানখনৰ পোহনীয়া হাতীসমূহৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে। পৰীক্ষাৰ সময়ত হাতীসমূহৰ খাদ্যাভ্যাস, শাৰীৰিক অৱস্থা, সামগ্ৰিক স্বাস্থ্যৰ মূল্যায়নৰ লগতে শৌচ আৰু তেজৰ নমুনা সংগ্ৰহ কৰি পৰৱৰ্তী পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।
ইয়াৰ পিছতে Nature’s Observer NGO-ৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। সভাত বন্যপ্ৰাণী সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি নিঃস্বাৰ্থভাৱে নীৰৱে সেৱা আগবঢ়োৱা কেইবাজনো ব্যক্তিক মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল Aranya Bandhu Award 2026 প্ৰদান। এই সন্মান ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক প্ৰদীপ্ত বৰুৱালৈ আগবঢ়োৱা হয়। বিগত প্ৰায় চাৰি দশক ধৰি বন্যপ্ৰাণীৰ সংৰক্ষণ, সুৰক্ষা আৰু কল্যাণৰ ক্ষেত্ৰত তেওঁৰ অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে এই সন্মান প্ৰদান কৰা হয়।
অনুষ্ঠানত উপস্থিত অতিথি আৰু অংশগ্ৰহণকাৰীসকলে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত সমাজৰ সজাগতা বৃদ্ধি আৰু সকলোৰে সক্ৰিয় সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

