খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি উজনি অসম আৰু উত্তৰ অসমৰ বানপীড়িত জিলাসমূহৰ জিলা আয়ুক্ত তথা জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ সৈতে এক ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰি সাহায্য সামগ্ৰীৰ বিতৰণ, অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলব্ধতা আৰু বজাৰ মূল্যৰ পৰিস্থিতিৰ বিস্তৃত পৰ্যালোচনা কৰে।
সভাত বানাক্ৰান্ত অঞ্চলসমূহত খাদ্য সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ মূল্যায়ন কৰা হয়। মন্ত্ৰী শ্ৰীৰায়ে সকলো জিলা আয়ুক্ত আৰু সংশ্লিষ্ট বিষয়াক পৰস্পৰৰ মাজত সু-সমন্বয় ৰক্ষা কৰি বানত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত সময়মতে সাহায্য সামগ্ৰী বিতৰণ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
মন্ত্ৰীগৰাকীয়ে দ্ৰুত সঁহাৰি, নিৰবচ্ছিন্ন নিৰীক্ষণ আৰু সময়োপযোগী পদক্ষেপ গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে এই দুৰ্যোগৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান যাতে কোনো পৰিস্থিতিতে ব্যাহত নহয়, সেয়া নিশ্চিত কৰিব লাগিব। তেওঁ প্ৰতিখন জিলাৰ টাস্ক ফ’ৰ্চক সকলো সময়তে সক্ৰিয় হৈ বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ ওপৰত কঠোৰ নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে কোনো সামগ্ৰীৰ অহেতুক মূল্যবৃদ্ধি পৰিলক্ষিত হ’লে তাৎক্ষণিকভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে বানপানীত ক্ষতিগ্ৰস্ত প্ৰতিগৰাকী লোকৰ কাষত থকাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সাহায্য আৰু অত্যাৱশ্যকীয় সেৱাসমূহ যাতে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালে সময়মতে লাভ কৰে, তাৰ বাবে চৰকাৰে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি আছে।
সভাত বিভাগটোৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন ছামালে ক্ৰয় কৰা অৱশিষ্ট ধানসমূহ অতি শীঘ্ৰে মিলত বনাৰ ব্যৱস্থা কৰি ভাৰতীয় খাদ্য নিগম (এফচিআই)-ৰ হাতত চাউল হস্তান্তৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাতে ক্ৰয় কৰা ধানৰ কোনো ক্ষতি নহয়। লগতে তেওঁ জিলা পৰ্যায়ৰ টাস্ক ফ’ৰ্চসমূহক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ ওপৰত কঠোৰ নজৰ অব্যাহত ৰাখিবলৈ আৰু এই ক্ষেত্ৰত সমন্বয় সুদৃঢ় কৰিবলৈ আহ্বান জনায়।
ভিডিঅ’ কনফাৰেন্সত বিভাগটোৰ সচিব অনসূয়া দত্ত বৰুৱা, ভাৰতীয় খাদ্য নিগম (এফচিআই)-ৰ মহাপ্ৰবন্ধক মনোজ কুমাৰ, আয়ুক্ত হেমন্ত ভূঞা, এ এফ ডি ইউ চি এলৰ পৰিচালন সঞ্চালক পাৰিজাত ভূঞা, জিলা আয়ুক্তসকল আৰু সংশ্লিষ্ট জিলা প্ৰশাসনৰ বিষয়াবৰ্গ উপস্থিত থাকে।

