শতবৰ্ষত কটনৰ উদ্ভিদ বিজ্ঞান বিভাগ: গৌৰৱোজ্জ্বল শতবাৰ্ষিকী সমাৰোহৰ শুভাৰম্ভ

কটন বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগে আজি বিভাগটোৰ শতবৰ্ষ উদযাপনৰ শুভাৰম্ভ কৰে। ১৯২৭ চনত প্ৰতিষ্ঠা লাভ কৰা এই বিভাগে এশ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰাৰ স্মৃতিচিহ্ন বহন কৰি বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰে শতবৰ্ষ উদযাপনৰ সূচনা কৰে। এই উদযাপনৰ উদ্বোধনী অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা বিশিষ্ট শিক্ষাবিদ অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে মুখ্য অতিথি আৰু শতবৰ্ষ উদযাপনৰ উদ্বোধনী বক্তা হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (ASTEC)-ৰ সঞ্চালক ড° জয়দ্বীপ বৰুৱা, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° হীৰেণ ডেকা, জীৱবিজ্ঞানৰ ডীন অধ্যাপক অৰূপ হাজৰিকা আৰু উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী ড° ঋতুপৰ্ণা পতোৱাৰী কাকতি মঞ্চত উপস্থিত থাকে। লগতে শৈক্ষিক পঞ্জীয়ক, বিভিন্ন বিভাগৰ ডীন, বিশিষ্ট প্ৰাক্তন শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী, গৱেষক, শিক্ষাৰ্থী আৰু বহু আমন্ত্ৰিত অতিথিৰ উপস্থিতিত অনুষ্ঠানটো গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়।


উদ্বোধনী অনুষ্ঠানত অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে ‘Botany of Hundred Springs’ শীৰ্ষক স্মাৰক ভাষণ প্ৰদান কৰি কয় যে, কটন বিশ্ববিদ্যালয় (পূৰ্বৰ কটন মহাবিদ্যালয়)ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ এশ বছৰীয়া যাত্ৰা উদযাপন কেৱল সময়ৰ দৈৰ্ঘ্য উদযাপন নহয়; ই বহু প্ৰজন্মৰ জ্ঞানচৰ্চা, ত্যাগ, নিষ্ঠা, গৱেষণা, আৱিষ্কাৰ আৰু উৎকৰ্ষ সাধনাৰ এক গৌৰৱময় ইতিহাসক সন্মান জনোৱাৰ এক অনন্য মুহূৰ্ত। তেওঁৰ ভাষণত বিভাগটোৰ ঐতিহ্য, বৌদ্ধিক অৱদান আৰু আগন্তুক প্ৰজন্মৰ বাবে বিজ্ঞানচৰ্চাৰ প্ৰয়োজনীয়তাৰ ওপৰতো বিশেষ আলোকপাত কৰা হয়। সভাত ভাষণ প্ৰদান কৰি কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই বিভাগটোৰ প্ৰতিষ্ঠাপক মুৰব্বী তথা বিশিষ্ট উদ্ভিদ বিজ্ঞানী অধ্যাপক এ. চি. দত্তৰ অসামান্য অৱদান স্মৰণ কৰে। বিভাগটোৰ শতবৰ্ষীয় যাত্ৰাৰ উল্লেখযোগ্য সফলতাৰ ওপৰত আলোকপাত কৰি তেওঁ শিক্ষক, গৱেষক, শিক্ষাৰ্থী আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলৰ একাধিক প্ৰজন্মই বিভাগটোৰ শৈক্ষিক উৎকৰ্ষতাৰ ঐতিহ্য অক্ষুণ্ণ ৰখাত আগবঢ়োৱা অৱদানৰ উচ্চ প্ৰশংসা কৰে।


ASTEC-ৰ সঞ্চালক ড° জয়দ্বীপ বৰুৱাই ASTEC আৰু উদ্ভিদ বিজ্ঞান বিভাগৰ যৌথ প্ৰচেষ্টাত বিকশিত এক বিশেষা মাইক্ৰ’বায়’লজি কিটৰ বিষয়ে আলোকপাত কৰি এই সহযোগিতাক বিজ্ঞান গৱেষণাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সাফল্য বুলি অভিহিত কৰে। অনুষ্ঠানৰ আৰম্ভণিতে বিভাগীয় মুৰব্বী ড° ঋতুপৰ্ণা পতোৱাৰী কাকতিয়ে আদৰণি ভাষণ আগবঢ়ায়। ইয়াৰ পূৰ্বে উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰাৰ লগতে আনুষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এ. চি. দত্ত ভৱনত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথিসকলে পৰম্পৰাগতভাৱে বন্তি প্ৰজ্বলন কৰাৰ পিছত শিক্ষাৰ্থীসকলে সৰস্বতী বন্দনা পৰিবেশন কৰে।


অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীয়েও ভাষণ প্ৰদান কৰি অধ্যাপক এ. চি. দত্তৰ সৈতে জড়িত স্মৃতিমধুৰ অভিজ্ঞতা উপস্থিত সকলোৰে সৈতে ভাগ-বতৰা কৰে। এই উপলক্ষে বিভাগটোৰ সৈতে আজীৱন সম্পৰ্ক আৰু উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে ৮০ বছৰৰ ঊৰ্ধ্বৰ তিনিগৰাকী বিশিষ্ট প্ৰাক্তন শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। একেদৰে ৭০ বছৰৰ ঊৰ্ধ্বৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলকো বহু প্ৰজন্মৰ শিক্ষাৰ্থী গঢ়ি তোলাত আৰু বিভাগটোৰ শৈক্ষিক উৎকৰ্ষতাৰ ঐতিহ্য সুদৃঢ় কৰাত আগবঢ়োৱা অৱদানৰ বাবে সন্মানিত কৰা হয়।


ড° নিয়েট টেৰনপিয়ে শলাগৰ শৰাই আগবঢ়োৱাৰ জৰিয়তে উদ্বোধনী অনুষ্ঠানৰ সামৰণি পৰে। ইয়াৰ পিছতে অনুষ্ঠিত মত-বিনিময় আৰু নেটৱৰ্কিং অধিৱেশনত প্ৰাক্তন শিক্ষাৰ্থী, শিক্ষক, গৱেষক, শিক্ষাৰ্থী আৰু শুভানুধ্যায়ীসকল একত্ৰিত হৈ বিভাগটোৰ সমৃদ্ধ ঐতিহ্য, বৰ্তমানৰ সাফল্য আৰু ভৱিষ্যৎ দৃষ্টিভংগীৰ ওপৰত মতবিনিময় কৰে। উল্লেখ্য যে, এই উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে ২০২৭ চনত অনুষ্ঠিত হ’বলগীয়া বিভাগটোৰ শতবৰ্ষ উদযাপনৰ আনুষ্ঠানিক শুভাৰম্ভ হয়। ১৯২৭ চনত প্ৰতিষ্ঠা লাভ কৰা উদ্ভিদ বিজ্ঞান বিভাগটো উত্তৰ-পূৰ্বাঞ্চলৰ উদ্ভিদ বিজ্ঞান শিক্ষা আৰু গৱেষণাৰ অন্যতম অগ্ৰণী কেন্দ্ৰ হিচাপে সুপ্ৰতিষ্ঠিত। বিভাগটোৱে উদ্ভিদ বিজ্ঞানৰ শিক্ষা, গৱেষণা, জীৱবৈচিত্ৰ্য সংৰক্ষণ আৰু দক্ষ উদ্ভিদ বিজ্ঞানী গঢ়ি তোলাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে।

Related Articles