বানত ক্ষতিগ্ৰস্ত নামঘৰ আৰু মন্দিৰৰ মেৰামতিৰ বাবে ২৫ লাখ টকাকৈ অনুদান ঘোষণা বদৰুদ্দিন আজমলৰ

নাজিৰাৰ বানাক্ৰান্তৰ কাষত মৌলানা বদৰুদ্দিন আজমল, ২ কোটি টকাৰ সাহায্য ঘোষণা। নাজিৰাৰ বানাক্ৰান্ত ৰাইজৰ মাজত উপস্থিত হ’ল AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল চাহাব।

বানত বিধ্বস্ত নাজিৰাৰ চন্টক অঞ্চলত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লয় আজমল চাহাবে। ইয়াৰ পূৰ্বে তেওঁ নাজিৰাৰ বানাক্ৰান্ত ৰাইজৰ বাবে ২ কোটি টকাৰ সাহায্য ঘোষণা কৰিছিল।

বানত জহি-খহি যোৱা নাজিৰা অঞ্চলৰ প্ৰতিটো নামঘৰ আৰু মন্দিৰৰ মেৰামতিৰ বাবে ২৫ লাখ টকাকৈ অনুদান আগবঢ়োৱাৰ ঘোষণা কৰে। লগতে বানৰ এই কঠিন পৰিস্থিতিত দিনে-নিশাই বাতৰি সংগ্ৰহ কৰি থকা সংবাদকৰ্মীসকলৰ বাবেও ৫০০০ আৰু ১০,০০০ টকাকৈ সাহায্য ঘোষণা কৰে মৌলানা আজমলে।

বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশাৰ প্ৰকৃত বুজ ল’বলৈ তেওঁ পৰৱৰ্তী দুটা দিন নাজিৰাতে থাকিব বুলি জানিবলৈ দিয়ে। এই দুদিনত তেওঁ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ৰাইজক সাক্ষাৎ কৰিব।

Related Articles