ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
বান বিধ্বস্ত জিলাৰ আয়ুক্তৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক।
উজনিৰ বানপৰিস্থিতিক লৈ সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়-
অসমত এতিয়ালৈকে ৪৭গৰাকী লোকৰ বানত মৃত্যু হৈছে।
সমগ্ৰ অসমত আঠ জন লোক সন্ধানহীন হৈ আছে।
চৰাইদেউত ১০ জন, শিৱসাগৰত ২১ জনৰ মৃত্যু, যোৰহাটত মৃত্যু হৈছে ৮ জন লোকৰ।
চৰাইদেউ ৪টা ৰাজহ চক্ৰ সংকটত পৰিছে।
চৰাইদেউত ১০ জন ব্যক্তিৰ মৃত্যু হৈছে।
শিৱসাগৰ জিলাৰ ৫টা ৰাজহ চক্ৰ বানৰ কবলত।
বানৰ প্ৰকোপত শিৱসাগৰত ২১ জন লোকৰ মৃত্যু হৈছে।
যোৰহাটত বানৰ ফলত মৃত্যু হৈছে ৮ জন লোকৰ।
অত্যন্ত দুখৰ কথা যে, নাজিৰা আৰু শিৱসাগৰ সমষ্টিৰ ৩০ আৰু ২০ শতাংশ গাঁৱত এতিয়ালৈকে আমি উপস্থিত হ’ব পৰা নাই।
উজনিৰ ভয়াৱহ বান পৰিস্থিতিৰ সন্দৰ্ভত সংবাদমেলত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকী।

