দেশৰ মহিলা সকলৰ স্ব-নিৰ্ভৰশীলতাৰ বাবে ভাৰত চৰকাৰে ৰূপায়ণ কৰা বিশেষ আঁচনিৰ জৰিয়তে ওদালগুৰি জিলাৰ বৰড ইণ্ডাষ্ট্ৰীয়েল কো অপাৰেটিভ চচাইটিৰ মহিলাসকলে স্বনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিবলৈ ইতিমধ্যে ধুপকাঠি,আচাৰ আদিৰ কৰ্মশালা, প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে। জৰিয়তে প্ৰথম পৰ্যায়ত। ৩শতাধিক মহিলাই থলুৱা সামগ্ৰী নিৰ্মাণ আৰু উৎপাদন কৰি প্ৰতিষ্ঠিত হ’বলৈ সক্ষম হৈছে৷ ইতিমধ্যে এই ইণ্ডাষ্ট্ৰীটোবে ৫ হাজাৰ মহিলা-যুবতীসকলক সামৰি লবলৈ সক্ষম হৈছে৷যোৱা ২০২৩বৰ্ষৰ ১৩জুলাইত প্ৰতিষ্ঠা লাভ কৰা ইণ্ডাষ্ট্ৰীটোৰ উদ্যোগত ২২জুলাইত ওদালগুৰি জিলাৰ ৪৭নং মাজবাট বিধান সভা সমষ্টিৰ অধীনস্থ মাজবাটৰ আছা ভবনত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ ধূপ কাঠি পেকেজিং আৰু আচাৰ প্ৰস্তুতকৰণৰ শ্ৰেষ্ঠত্বা অৰ্জন কৰা মহিলা উদগনিমূলক পুৰস্কাৰৰ লগতে সা-সামগ্ৰী বিতৰন কৰা এটি অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷
এই অনুষ্ঠানটোত ইণ্ডাষ্ট্ৰীটোৰ পৰিচালন সঞ্চালিকা নমিতা চহৰীয়া আৰু উদ্যোগী মহিলা মেৰিনা শইকীয়াই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ ধূপকাঠি পেকেজিং আৰু আচাৰ প্ৰস্তুতকৰণ প্ৰণালীৰ সম্পৰ্কত ব্যাখ্যা কৰে৷ নমিতা চহৰীয়াই উল্লেখ কৰে যে -আমাৰ লক্ষ্য আৰু উদ্দেশ্য প্ৰত্যেক গৰাকী মহিলাক সৱলীকৰণৰ জৰিয়তে আত্মনিৰ্ভৰশীলৰ দিশত আগুৱাই লৈ যোৱাৰ বিষয়ে বক্তব্য আগবঢ়াই।৷খৰামখা ভিচিডিচিৰ সভানেত্ৰী মিতালী বসুমতাৰীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ ধূপকাঠি পেকেজিং আৰু আচাৰ প্ৰস্তুতকৰণ প্ৰণালী প্রশিক্ষণ লৈ মহিলা সকল আত্মনিৰ্ভৰশীল হৈ উদ্যোগীমুখী হবলৈ আহ্বান জনায়৷মিতালী বসুমতাৰীয়ে কয় যে পূৰ্বতে মহিলা সকলক কৈছিল লাও যিমানে ডাঙৰ নহওঁক পাতৰ তলত’ এই কথাষাৰ সত্য আৰু গ্ৰহনযোগ্য নহয়৷ গতিকে মহিলা সকলে লাউ হৈ মহিলাৰ ক্ষমতা দেখুৱাই দিব লাগিব বুলি বক্তব্য আগবঢ়ায়৷
তেওঁ উদ্যোগী মহিলা সকলক শুদ্ধ ব্যবসায় কৰি শীৰ্ষ স্থান দখল কৰাৰ বাবে আহবান জনায়।সভাত উদ্যোগী মহিলাক উদগনিমূলক বঁটা লাভ কৰা ঠেলামাৰাৰ ভানু দাস,মাজবাটৰ অনিমা শইকীয়া,ৰুমী ডেকা,ওৰাঙৰ বুলী চৌধুৰী আৰু মেৰিনা শইকীয়াক ট্ৰফী কৰা হয়৷অনুষ্ঠানটোত ধুপকাঠি প্ৰস্তুুত আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত শ্ৰেষ্ঠত্ব অৰ্জন কৰা বেবী ফুকন, ৰেখা তাছা, প্ৰনিতা ৰয়, প্ৰনিতা ঠাকুৰ, অশুমান মজুমদাৰ, লক্ষী ডেকাক পুৰস্কাৰ হিচাপে ৰেচন-সামগ্ৰী যোগান ধৰা হয়৷অনুষ্ঠানটোত অসম চাহ মজদুৰ সংঘ বৰছলা চক্ৰৰ ভাৰপ্ৰাপ্ত সম্পাদক অনিৰুদ্ধ তাতী আৰু বড়োলেণ্ড সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় উপদেষ্টা নব কুমাৰ ডেকাই অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে।

