দৰং গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ পদক্ষেপঃ জুবিন গাৰ্গক মৰণোত্তভাৱে ছহিদ মোজাম্মিল স্মাৰক মাতৃভাষা বঁটা আৰু জাতীয় কন্ঠ উপাধি প্ৰদান

অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণৰ আপোন শিল্পী, সঙ্গীত সুধাকৰ জুবিন গাৰ্গলৈ অষ্টাদশ কেন্দ্ৰীয় মাতৃভাষা দিৱস উদযাপনৰ লগত সংগতি ৰাখি সদৌ অসম গৰিয়া -মৰিয়া-দেশী জাতীয় পৰিষদ দৰং জিলা সমিতি আৰু মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ উদ্যোগত প্ৰৱৰ্তন কৰা ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা-২০২৫ আৰু জাতীয় কন্ঠ উপাধি আগবঢ়োৱা হয়। শনিবাৰে জুবিন গাৰ্গৰ গুৱাহাটীৰ জু ৰোড স্থিত অভিনয়া জোনালী ষ্টুডিঅ’ত গৰিমা শইকীয়া গাৰ্গৰ হাতত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সদৌ অসম গৰিয়া -মৰিয়া-দেশী জাতীয় পৰিষদে এই বঁটা আৰু সন্মান প্ৰদান কৰে।


আজি সদৌ অসম গৰিয়া -মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা তথা মাতৃভাষা পৰিচালনা সমিতিৰ সভাপতি চহিৰ ভূঞা, কেন্দ্ৰীয় উপ-সভাপতি ছহিদ আলি আহমেদ, মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ সম্পাদক মিছবাহুল হুদা, দৰং জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ, সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদ উপসভাপতিত্ৰয় মইনুল হক শইকীয়া,ছফিকুল ইছলাম,মোৰ্তাজা হুছেইন, সাংস্কৃতিক সম্পাদক আব্দুল ৰৌফ আহমেদ, মঙলদৈ সদৰ সমিতিৰ সভাপতি ফজলুল হক, সদৰ মহিলা পৰিষদৰ সম্পাদিকা গোলাপ চান বেগম, মহিলা পৰিষদৰ বিষয়ববীয়া চালেহা বেগম,ছবিনা ইয়াচমিন বচিৰণ খাতুন,সমাজকৰ্মী মহৰুম আলি, বিনয় শৰ্মা, জিলা সমিতিৰ প্ৰেছ উপদেষ্টা ৰফিক আহমেদ, জিলা সংবাদ কোষৰ সভাপতি মীৰ চাহিল ইৰফান, সম্পাদক গিয়াচুদ্দিন আহমেদ,প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক আটাউৰ ৰহমান,চপাই আঞ্চলিক সমিতিৰ সভাপতি জয়নাল আব্দিন, সম্পাদক ইফটিকাৰ হুছেইন কিব্ৰিয়া ,যুৱ সমাজ কৰ্মী মোৰ্তাজা হুছেইন, নগৰবাহী আঞ্চলিকৰ সম্পাদক ফাইজুৰ ৰহমান,চমুৱাপাৰা আঞ্চলিকৰ সভাপতি মকবুল হক শৰ্মা,সদৰ সমিতিৰ মতিউৰ ৰহমান,জলজলী গৰিয়াপাৰা আঞ্চলিকৰ সম্পাদক জিতু আহমেদ,গুৱাহাটী মহানগৰ সমিতিৰ উপ-সভাপতিদ্বয় মইনুল হক, মেহমুদা নুৰী প্ৰমুখ্যে এটা বৃহৎ সজাতি দলে জুবিন গাৰ্গৰ পৰিয়ালৰ আমন্ত্ৰণ ক্ৰমে মহান শিল্পী গৰাকীৰ গুৱাহাটীস্থিত অভিনয়া জোনালী ষ্টুডিঅ’ত এই বটাঁ আৰু জাতীয় কন্ঠ উপাধি প্ৰদান কৰে।

উল্লেখ্য যে সদৌ অসম গৰিয়া -মৰিয়া-দেশী জাতীয় পৰিষদ, দৰং জিলা সমিতিয়ে ২০০৮ বৰ্ষৰ পৰা ছহিদ মোজাম্মিল হকৰ আত্মবলিদানৰ দিন ৬ অক্টোবৰত আৰম্ভ কৰা মাতৃভাষা ভাষা দিৱসৰ ২০২৩ বৰ্ষৰ শোড়ষ উদযাপনত বীৰ ছহিদ গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে তেওঁৰ স্মৃতিত মাতৃভাষা বঁটা-প্ৰৱৰ্তন কৰে আৰু প্ৰথম বাৰৰ বাবে এই বঁটা পণ্ডিত প্ৰৱৰ ডঃ নগেন শইকীয়াক প্ৰদান কৰে। দ্বিতীয়বাৰৰ বাবে ২০২৪ বৰ্ষত এই বটা প্ৰদান কৰা হয় কথাশিল্পী ইমৰান শ্বাহক। তৃত্বীয় বাৰত ২০২৫ বৰ্ষৰ অষ্টাদশ মাতৃভাষা দিৱসত এই বঁটা অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে প্ৰদান কৰিবলৈ সিদ্ধান্ত লয়। সেইমৰ্মে আজি পৰিয়ালৰ আমন্ত্ৰণ ক্ৰমে গৰিমা শইকীয়া গাৰ্গৰ হাতত অৰ্পণ কৰা এই বঁটাত আছে স্মাৰক বঁটা, চেলেং, জাতীয় গামোচা, ফুলাম জাপি, প্ৰশস্তি পত্ৰ, শৰাই আৰু আৰু অন্যান্য উপহাৰ।

Related Articles