নলবাৰী চ’ক বজাৰত আজি “লুমিনাচ্ মাইণ্ড ষ্টেট অলিম্পিয়াড ২০২৬” শীৰ্ষক এক শৈক্ষিক আৰু বৌদ্ধিক অভিযানৰ শুভ আৰম্ভণি কৰা হয়। লুমিনাচ্ মাইণ্ড অলিম্পিয়াড ফাউণ্ডেশ্যনৰ মুখ্য প্ৰতিষ্ঠাপক দিগন্ত কলিতাই আঁত ধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে “লুমিনাচ মাইণ্ড ষ্টেট অলিম্পিয়াড ফাউণ্ডেশ্যনৰ পৰীক্ষা নিয়ন্ত্ৰক তথা মাৰ্কেটিং হেড বিশ্বজিৎ শৰ্মাৰ লগতে মুখ্য কাৰ্যবাহী মুনীন্দ্ৰ ভৰালীয়ে। গাম্ভীৰ্যপূৰ্ণ সভাখনত সভাপতি হিচাপে পৰিচালক ড° ত্ৰিগুণা ৰঞ্জন শৰ্মাই আসন অলংকৃত কৰে।
অনুষ্ঠানটিত শিক্ষাবিদ ড°সঞ্জীৱ কুমাৰ গোস্বামী, ড°মুকুট কলিতা, মনোজ নাথ, সুনীল কুমাৰ দত্ত, দিগম্বৰ ঠাকুৰীয়া, মুখ্য কাৰ্যবাহী মুনীন্দ্ৰ ভৰালী, চামচুল আলম প্ৰমুখ্যে ভালেমান বিশিষ্ট লোকৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি উপস্থিত থাকে। ৩০ গৰাকীকৈ অধ্যক্ষক বেষ্ট প্ৰিন্সিপাল এৱাৰ্ড, ৪০ গৰাকীকৈ শিক্ষক তথা সহযোগীক বেষ্ট শিক্ষক তথা সহযোগী এৱাৰ্ড আৰু ৫০০ গৰাকী টপ ষ্টুডেণ্টক পুৰস্কৃত কৰাৰ উপৰিও ক্লাছ টপাৰসকলক গোল্ড মেডেল আৰু প্ৰতিজন/প্ৰতিজনী শিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে উদ্যোক্তাসকলে।

