অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত নাত সমাৰোহ অনুষ্ঠিত।
সমাজ সেৱক তথা নাট্যকাৰ প্ৰয়াত বিপ্লৱ জ্যোতি বৰুৱা সোঁৱৰণীত কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘত অনুষ্ঠিত কৰা হয় এই নাট সমাৰোহ।
তিনিচুকীয়া জিলাৰ তিনিখন নাটেৰে অনুষ্ঠিত কৰা হয় এই নাট সমাৰোহ।
প্ৰয়াত বিপ্লৱ জ্যোতি বৰুৱাৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ লক্ষ্যৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিকৰ এই প্ৰদক্ষেপ।
নাট সমাৰোহৰ লগত সংগতি ৰাখি নীত পৰিক্ষাত উত্তীৰ্ণ হোৱা কাকপথাৰ অঞ্চলৰ পাঁচ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় এই ছাত্ৰ সংগঠনে।

