শ্ৰমদান কৰিবলৈ ইচ্ছুক শিক্ষকক দুদিনৰ বিশেষ চুটি ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰী ক আহ্বান গুৰুগৃহ ফাউণ্ডেচনৰ

শ্ৰমদান কৰিবলৈ ইচ্ছুক শিক্ষকক দুদিনৰ বিশেষ চুটি ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰী ক আহ্বান গুৰুগৃহ ফাউণ্ডেচনৰ

১৯ জুলাইৰ প্ৰলয়ংকৰী বান আৰু তাৰ ফলত উজনি অসমৰ বিভন্ন অঞ্চলত হোৱা অবৰ্ণনীয় পৰিৱেশৰ মোকবিলা কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ লগতে মুখমন্ত্ৰীয়েও বিভিন্ন পদক্ষেপ গ্ৰহন কৰাত গুৰুগৃহ ফাউণ্ডেচনে ধন্যবাদ জ্ঞাপন কৰিছে৷ ছাত্ৰছাত্ৰী সমাজ সচেতন একাংশ আৰু শিক্ষকৰ দ্বাৰা গঠিত স্বেচ্ছাসেৱী সংগঠন গুৰুগৃহ ফাউণ্ডেচনৰ বিভিন্ন প্ৰান্তৰ শিক্ষক শিক্ষয়িত্ৰীয়ে স্বেচ্ছাই শ্ৰমদান কৰিবলৈ সাজু হৈছে ৷

বিধ্বস্ত বিদ্যলয় নামঘৰ মন্দিৰ মছজিদ আদিত শ্ৰমদান কৰি ব্যৱহাৰৰ উপযোগ্য কৰি তুলিবলৈ প্ৰয়াস কৰা হৈছে৷ সেয়ে মুখ্যমন্ত্ৰী য়ে যদি অতকমেও দুটা দিনৰ বাবে বিশেষ চুটিৰ দিন ঘোষণা কৰে তেতিয়া বিভিন্ন প্ৰান্তৰ শিক্ষক শিক্ষয়িত্ৰী য়ে স্ব ইচ্ছা ই শ্ৰমদান কৰিব বুলি ঘোষণা কৰিছে গুৰুগৃহ ফাউণ্ডেচনে ৷

এক প্ৰেছ বিবৃতিত গুৰুগৃহ ফাউণ্ডেচনৰ।হৈ মহীধৰ কলিতা মোখতাৰুল হক আৰু বিপুল দত্তই জনাইছে যে ৭ আগষ্ট ত গুৰুগৃহ ফাউণ্ডেচনৰ এটি সাহায্যকাৰী দলে শিবসাগৰলৈ ৰাওনা হব আৰু বানাক্ৰান্ত ৰাইজক সহযোগ কৰিব৷মুখ্যমন্ত্ৰীয়ে দুদিনৰ চুটি মঞ্জুৰ কৰিলে হয়টো যথেষ্ট সংখ্যকে শিক্ষকে উদ্ধাৰ আৰু পুনৰব্যবহাৰ কাৰ্যসূচী ত অংশগ্ৰহণ কৰিব৷ গুৰুগৃহ ফাউণ্ডেচনৰ জড়িয়তে কোনোবাই ইলেক্ট্ৰৰেল গ্লুকজ চাবোন চাৰ্ফ ফেনাইল ব্লিচিং পাউদাৰ বিচনা চিৰা গুৰ ্ চাদৰ. বাচন বৰ্তনকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী দিব খুজিলে মুন টেইলৰ্চ গনেশগুৰি বা ৬০০১৯১৬১৮১ বা ৯৯৫৪১৭১৫০৫ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি প্ৰেছ বিবৃতিটোত প্ৰকাশ কৰা হৈছে৷

Related Articles